নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘৰবড়ী–সাতগাঁও সংযোগী পথত দুর্ঘটনাৰ আশংকা

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ মহানগৰীত অব্যাহত আছে ডাম্পাৰৰ দৌৰাত্ম্য৷ একাংশ বন বিষয়া, আৰক্ষী বিষয়াক মেনেজ কৰি নিশাৰ ভাগত মহানগৰীৰ ৰাজপথত শ শ ডাম্পাৰে যান–বাহন আইন উলংঘা কৰি শিল, বালি আৰু ৰঙা মাটি কঢ়িয়াই আহিছে৷ বিশেষকৈ মহানগৰীৰ সাঁতগাঁও, পাঞ্জাবাৰী অঞ্চলত নিশা শ শ ডাম্পাৰে অবৈধভাৱে শিল–বালি কঢ়িওৱা পৰিলক্ষিত হৈছে৷ বৰবাৰী, পাথৰকোৱেৰী, পাঞ্জাবাৰী আৰু বতাহঘুলি দিশৰ পৰা বাঘৰবড়ী তিনিআলি হৈ নিশা সাতগাঁও অভিমুখে অবৈধভাৱে শিল–বালি আৰু ৰঙা মাটি কঢ়িয়াই অনা শ শ ডাম্পাৰ চলাচল কৰে৷ বন বিষয়া আৰু আৰক্ষীক ২০০–৩০০ টকাপর্যন্ত প্রতি টিপত আদায় দি নিতৌ ডাম্পাৰ চলাচল কৰিছে৷ প্রতিখন ডাম্পাৰৰ পৰা ধন সংগ্রহ কৰাৰ বিনিময়ত আৰক্ষীয়ে অবৈধভাৱে বনজ সম্পদ কঢ়িওৱা ডাম্পাৰ চালকক সুৰক্ষা প্রদান কৰি অহা বুলি একাংশ স্থানীয় লোকে অভিযোগ কৰিছে৷ নিশাৰ মহানগৰীত পাঞ্জাবাৰী, সাতগাঁও সংযোগী পথত চলাচল কৰা ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে যিকোনো মুহূর্তত ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে একাংশ স্থানীয় লোকে৷ উল্লেখ্য যে নিশা পথছোৱাত সংঘনাই চলাচল কৰা ট্রাক–ডাম্পাৰ চালকৰ দৌৰাত্ম্যৰ বাবেই পথৰ দুয়োকাষে থকা ব্যৱসায়ীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে৷ তদুপৰি পথছোৱাত চলাচল কৰা যান–বাহন আৰু সাধাৰণ ৰাইজ ডাম্পাৰৰ অতপালিৰ বাবে অতিষ্ঠ হৈ পৰিছে৷

You might also like