নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাতমাইলত বালিভর্তি ট্রাকৰ খুন্দাত মহিলাৰ মৃত্যু

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ  পূব কামৰূপ বন সংমণ্ডল প্রাধিকাৰীৰ অধীনস্থ একাংশ অসাধু বন বিষয়াক মেনেজ কৰি দিনে–নিশাই গুৱাহাটীলৈ অব্যাহত আছে বনজ সম্পদৰ অবৈধ সৰবৰাহ৷ শেহতীয়াকৈ ৰাণী, পলাশবাৰী, দক্ষিণ কামৰূপৰ পৰা বন মাফিয়াই কৰ ফাঁকিৰে অবৈধ বনজ সম্পদৰ সৰবৰাহ অব্যাহত ৰাখিছে৷ ৰাণী আৰু পলাশবাৰীৰ বন বিষয়াক মাহেকীয়া কমিছন আদায় দি বন মাফিয়াই প্রতিদিনে চালানবিহীনভাৱে শিল, বালি, মাটি ট্রাক আৰু ডাম্পাৰেৰে কঢ়িওৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ অভিযোগ অনুসৰি ৰাণী আঞ্চলিক বন বিষয়া মনোৰঞ্জন বর্মন, পলাশবাৰীৰ আঞ্চলিক বন বিষয়া মৃণাল মেধি, শুকুৰবৰীয়া খণ্ড বন বিষয়া গোবিন্দ কলিতা, নালাপাৰা খণ্ড বন বিষয়া ইনাল হক, সজ্জনপাৰা খণ্ড বন বিষয়া বাবুল কোঁৱৰ, খনামুখ খণ্ড বন বিষয়া ৰূপন হালৈ, পলাশবাৰী থানা, আজাৰা থানা, ৰাণী আৰক্ষী চকী, জালুকবাৰী আৰক্ষী চকীৰ একাংশ বিষয়াক নিয়মীয়াকৈ ধন দি বনজ সম্পদৰ চোৰাং বেহা কৰি আহিছে বন মাফিয়াই৷ বন মাফিয়াৰ শিল, বালি, মাটি কঢ়িওৱা ট্রাকৰ দৌৰাত্ম্যৰ বাবেই ৰাণী, পলাশবাৰী, আজাৰা, সাতমাইল, জালুকবাৰীকে ধৰি বিভিন্ন অঞ্চলত সঘনাই সংঘটিত পথ দুর্ঘটনাত অকালতে প্রাণ হেৰুৱাবলগীয়া হৈছে বহু লোকে৷ বালি কঢ়িওৱা ট্রাকৰ দৌৰাত্ম্যৰ বাবেই কালি সাতমাইলত নিশা সংঘটিত হয় এক শোকাৱহ পথ দুর্ঘটনা৷ আজাৰাৰ পৰা জালুকবাৰীৰ দিশে আহি থকা এ এছ–০৯–চি–৯২২৯ নম্বৰৰ বালি কঢ়িওৱা ট্রাকখনৰ খুন্দাত এগৰাকী প্রায় ৪৩ বছৰীয়া মহিলাৰ মৃত্যু হয়৷ নিশা প্রায় ১০.১৫ বজাত সাতমাইলত সংঘটিত পথ দুর্ঘটনাটোৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ স্থানীয় ৰাইজে দুর্ঘটনা সংঘটিত কৰা অবৈধভাৱে বালি কঢ়িওৱা ট্রাকৰ চালক জিতেন বড়োক উত্তম–মধ্যম শোধায়৷ উত্তেজিত ৰাইজে পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণৰ চেষ্টা চলায় যদিও উত্তেজিত ৰাইজে আৰক্ষীক দুর্ব্যৱহাৰ কৰে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বন বিভাগ আৰু আৰক্ষীক মেনেজ কৰি অবৈধভাৱে বনজ সম্পদৰ চোৰাং বেহা অব্যাহত ৰখাৰ বাবেই এনেধৰণৰ শোকাৱহ পথ দুর্ঘটনা সংঘটিত হৈ আহিছে৷ জালুকবাৰী আৰক্ষীয়ে আজি দুর্ঘটনাটোত মৃত্যু হোৱা মহিলাগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৃতদেহটো জি এম চি এইচৰ মর্গত ৰাখিছে৷ মৃত মহিলাগৰাকীৰ পৰিচয় আৰক্ষীয়ে এতিয়াও উদ্ধাৰ কৰিব পৰা নাই৷ বন বিভাগ আৰু মহানগৰ আৰক্ষীয়ে অবৈধ বনজ সম্পদ সৰবৰাহ কৰা বন মাফিয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like