নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বামুণীমৈদামত বিধ্বংসী অগ্ণিকাণ্ডত ৬০খন দোকান ভস্মীভূত

নিয়মীয়া বাৰ্তা ২৫ এপ্ৰিলঃ চৌদিশে ক’ৰোনা মহামাৰীৰ তীব্র আতংকই বিৰাজ কৰি থকাৰ মাজতে কালি মাজনিশা মহানগৰীৰ বামুণীমৈদাম ৰে’লৱে ক’লনী বজাৰত এক বিধ্বংসী অগ্ণিকাণ্ড সংঘটিত হয়৷ নিশা প্রায় দুই বজাত সংঘটিত হোৱা এই বিধ্বংসী অগ্ণিকাণ্ডত গেলামাল–কাপোৰ আৰু ফাষ্ট ফুডৰ প্রায় ৬০খন দোকান সম্পূর্ণৰূপে ভস্মীভূত হোৱাৰ লগতে বজাৰখনত থকা প্রায় ৪০খন পাচলি আৰু সৰু–সুৰা দোকানৰ বিস্তৰ ক্ষতি হয়৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি কালি নিশা প্রায় ২ বজাত বজাৰখনৰ এখন গেলামাল দোকানত অগ্ণিকাণ্ডৰ সূত্রপাত ঘটে৷ নিমিষতে জুইৰ লেলিহান শিখাই দোকানখন আগুৰি ধৰাত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে৷ কিছু সময় পিছতে ঘটনাস্থলীত আৰক্ষী আৰু অগ্ণিনির্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নুমোৱাৰ চেষ্টা কৰে যদিও আৰক্ষীৰ লোক উপস্থিত হোৱাৰ পূর্বেই এখনৰ পাছত আনখন দোকানত জুই বিয়পি পৰে৷ মাজনিশাৰ নীৰৱ–নিস্তব্ধতাৰ মাজত একেলগে প্রায় ৪০খন দোকানত দাওদাওকৈ জুই জ্বলি থকাৰ ফলত সমগ্র অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ স্থানীয় লোকৰ সহযোগত আৰক্ষী আৰু অগ্ণিনির্বাপক বাহিনীৰ লোকে জুই নুমোৱাৰ চেষ্টা কৰি থকাৰ মাজতে বজাৰখনত থকা কেইবাখনো ফাষ্টফুডৰ দোকানত জুই বিয়পি পৰাত দোকানকেইখনৰ ভিতৰত থকা গেছ চিলিণ্ডাৰকেইটাৰ বিস্ফোৰণ হোৱাত জুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰে৷ আৰক্ষী আৰু অগ্ণিনির্বাপক বাহিনীৰ লোকে উপায়ন্তৰ নাপাই গুৱাহাটী মহানগৰীৰ দিছপুৰ, চানমাৰি, পাণবজাৰ, পল্টনবজাৰ আৰু জালুকবাৰী থানাৰ উপৰি মির্জা, শুৱালকুছি আৰু পাণ্ডু ৰে’ল আৰক্ষীৰ সহায়ত ১৬খনকৈ পানীৰ গাড়ীৰে সুদীর্ঘ চাৰি ঘণ্টা সময় চেষ্টা কৰি জুই নুমাবলৈ সক্ষম হয়৷ অৱশ্যে জুই নির্বাপনৰ পূর্বেই বজাৰখনত থকা ৬০খন দোকান সম্পূর্ণৰূপে জুইত জাহ যোৱাৰ উপৰি প্রায় ৪০খন সৰু বৰ দোকানৰ বহু সামগ্রী নষ্ট হয়৷ মাজনিশা সংঘটিত হোৱা এই বিধ্বংসী অগ্ণিকাণ্ডত প্রায় এক কোটি টকাৰ ক্ষয়–ক্ষতি হোৱা বুলি একাংশ লোকে জানিবলৈ দিছে৷ অৱশ্যে এই অগ্ণিকাণ্ডত কোনো লোক হতাহত হোৱাৰ খবৰ পোহৰলৈ অহা নাই৷ ক’ৰোনা মহামাৰীৰ মাজতে মাজনিশা বজাৰখনত হোৱা এই বিধ্বংসী অগ্ণিকাণ্ডক একাংশই ৰহস্যজনক বুলি অভিহিত কৰিব খুজিছে যদিও প্রাথমিক তদন্তত আৰক্ষীয়ে এয়া বৈদ্যুতিক শ্বট চার্কিটৰ বাবে হ’ব পাৰে বুলি সন্দেহ ব্যক্ত কৰিছে৷ অৱশ্যে তদন্তৰ পিছতহে অগ্ণিকাণ্ডৰ প্রকৃত কাৰণ পোহৰলৈ আহিব বুলি চানমাৰি আৰক্ষীয়ে জানিবলৈ দিছে৷

You might also like