নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুৰোডৰ ভাস্কৰ নগৰত দুই যুৱকক হত্যাৰ অপচেষ্টা, ধৃত ১

নিয়মীয়া বাৰ্তা ২৬ এপ্ৰিলঃ জুৰোডৰ ভাস্কৰ নগৰত কালি নিশা ৰাজপথত দুজন যুৱকক ছুৰীৰে হানি–খুঁচি হত্যাৰ চেষ্টা চলোৱা ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে কালি নিশা প্রায় ৯.৩০ বজাত চিন্তুমণি কলিতা আৰু ভাস্কৰ ডেকা নামৰ যুৱক দুজন মটৰচাইকেলেৰে ভাস্কৰ নগৰৰ বাসগৃহলৈ গৈ আছিল৷ তেনে সময়তে বাট এৰি দিয়াক কেন্দ্র কৰি নিহাৰ আলেমান নামৰ এজন যুৱকৰে তর্কাতর্কিত লিপ্ত হয় যুৱক দুজন৷ বাইক আৰোহী যুৱক দুজনক নিহাৰ আলেমান নামৰ যুৱকজনে মাৰপিট কৰাৰ লগতে খেদি খেদি চোকা অস্ত্রৰে হানি–খুঁচি হত্যাৰ চেষ্টা চলায়৷ যুৱক দুজনে চিঞৰ–বাখৰ কৰাত স্থানীয় ৰাইজ ওলাই আহি তেজেৰে লুতুৰি–পুতুৰি অৱস্থাত যুৱক দুজনক প্রত্যক্ষ কৰি নিহাৰ আলেমক আটক কৰি উত্তম–মধ্যম শোধাই গীতানগৰ আৰক্ষীক গতাই দিয়ে৷ সম্প্রতি সংকটজনক অৱস্থাত গুৰুতৰভাৱে আহত যুৱক দুজন চিকিৎসাধীন হৈ আছে৷ ভুক্তভোগী যুৱক দুজনৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত গীতানগৰ আৰক্ষীয়ে ১৬৯/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি নিহাৰক গ্রেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like