নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজেটৰ ইতিবাচক দিশ

অসম বিধানসভাত ১৬ মার্চত বিত্তমন্ত্রী অজন্তা নেওগে দাখিল কৰা ২০২২–২৩ বিত্তীয় বর্ষৰ ১,১৯,৫৫১.০৬ কোটি টকাৰ বাজেটৰ জৰিয়তে ৰাজ্যৰ অর্থনৈতিক কাঠামো শক্তিশালী কৰাৰ লক্ষ্য লৈছে৷ অতিমাৰী ক’ভিডৰ ফলত দুবছৰে ভাগি পৰা অর্থনীতি পুনৰুদ্ধাৰ কৰাটো নিশ্চিতভাৱে সহজসাধ্য নহয়৷ অতিমাৰীৰ বিভীষিকা হ্রাস পোৱাৰ লগে লগে স্বাভাৱিক জীৱন–যাত্রা ঘূৰি আহিবলৈ লৈছে যদিও বিপর্যস্ত অর্থনৈতিক অৱস্থাক গতিদান কৰিবলৈ ৰাজ্য চৰকাৰখনে আৰু বহু কষ্ট কৰিব লাগিব৷ এইবাৰৰ বাজেটখনত বিত্তমন্ত্রীগৰাকীয়ে সাধাৰণ ৰাইজৰ ওপৰত অতিৰিক্ত কোনো কৰৰ বোজা জাপি দিয়া নাই৷ এয়া নিশ্চিতভাৱে ক’ভিড আক্রান্ত অসমবাসীৰ বাবে এক শুভ লক্ষণ৷ এইবাৰৰ বাজেটখনত অসমবাসীলৈ কেইবাটাও উপহাৰ আগবঢ়োৱা হৈছে৷ ইয়াৰ ভিতৰত মুখ্যমন্ত্রীৰ পকীপথ নির্মাণ আঁচনি, মুখ্যমন্ত্রীৰ উন্নত পকীপথ নির্মাণ আঁচনি, মুখ্যমন্ত্রীৰ মথাউৰি পকীপথ আঁচনি, মুখ্যমন্ত্রীৰ পথ নবীকৰণ আঁচনি, গুৱাহাটীৰ পৰা ডিব্রুগড়–লখিমপুৰ আৰু তেজপুৰলৈ কম খৰচী বিমান সেৱাৰ আঁচনি, কার্বি আংলং আৰু শিলচৰত দুটা বিমানবন্দৰ স্থাপন, অৰুণোদয় আঁচনিৰ বাবে পৰিপূৰক দাবী ২ হাজাৰ কোটি টকা ধার্য কৰা হৈছে৷ নির্বাচনৰ পূর্বে বিজেপি নেতৃত্বৰ মুখ্য শ্লোগান আছিল জাতি–মাটি–ভেটি সুৰক্ষা৷ চুবুৰীয়া বাংলাদেশৰ পৰা দশক দশক ধৰি অবৈধ নাগৰিকৰ প্রৱেশক কেন্দ্র কৰি সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ বাবে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকলৰ মাজত বিৰাজ কৰা নিৰাপত্তাহীনতা দূৰ কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এলানি বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ অসম চুক্তিৰ ৬ নম্বৰ দফা কার্যকৰীকৰণৰ বাবে পদক্ষেপ গ্রহণ কৰাৰ উপৰি খিলঞ্জীয়া লোকসকলৰ ভূমিৰ নথি–পত্রৰ দীর্ঘদিনীয়া সমস্যা সমাধানৰ বাবে মিছন বসুন্ধৰা আঁচনি ৰূপায়ণ আৰম্ভ কৰিছে৷ এইবাৰ বাজেটত মিছন বসুন্ধৰাৰ বাবে ৭৫ কোটি টকা ধার্য কৰা হৈছে৷ খিলঞ্জীয়া লোকসকলে তেওঁলোকৰ ভূমিৰ অধিকাৰ লাভ কৰাৰ লগে লগে নিশ্চিতভাৱে দীর্ঘদিনীয়া সমস্যাৰ সমাধান হ’ব বুলি আশা কৰিব পাৰি৷
ৰাজ্যখনৰ নিবনুৱা সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ লৈছে৷ নির্বাচনৰ পূর্বে বিভিন্ন বিভাগত খালী হৈ থকা ১ লাখ পদত নিযুক্তি দিয়া হ’ব বুলি প্রতিশ্রুতি দিছিল৷ ইতিমধ্যে ৮৪,২৪৪টা পদত নিযুক্তিৰ প্রক্রিয়া আৰম্ভ কৰিছে ৰাজ্য চৰকাৰখনে৷ অতিৰিক্ত ১৪,৫৯৯টা পদত নিযুক্তি প্রদানৰ বাবে বাজেটত প্রতিশ্রুতি দিয়া হৈছে৷ অসমৰ ইতিহাসত একেলগে ১ লাখ নিবনুৱাক চাকৰি দিয়াৰ উদাহৰণ পাবলৈ নাই৷ এই নিযুক্তি প্রক্রিয়া স্বচ্ছ আৰু নিকাকৈ সম্পন্ন হ’লে নিশ্চিতভাৱে সমগ্র দেশতে এক নজিৰ সৃষ্টি কৰিবলৈ ৰাজ্য চৰকাৰখন সক্ষম হ’ব৷ আগন্তুক বর্ষৰ বাজেটত ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্রখনৰ বিকাশৰ বাবে কেইবাখনো গুৰুত্বপূর্ণ আঁচনি গ্রহণ কৰা হৈছে৷ তিনি বছৰৰ ভিতৰত শিৱসাগৰ মহাবিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, বঙাইগাঁও মহাবিদ্যালয়, যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয়, গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ আঁচনি লোৱা হৈছে৷ ইয়াৰ উপৰি মাজুলী বিশ্ববিদ্যালয়, ৰবীন্দ্র নাথ ঠাকুৰ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, বীৰাংগনা সতী–সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় আৰু অনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৫০ কোটি টকাকৈ ধার্য কৰা হৈছে বাজেটত৷ নতুন ৰাষ্ট্রীয় শিক্ষানীতি কার্যকৰীকৰণৰ আগমুহূর্তত ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্রখনত ৰাজ্য চৰকাৰখনে গুৰুত্ব প্রদান কৰাটো শুভ লক্ষণ৷

You might also like