নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাছ মৰাৰ ছলেৰে পৰিভ্রমী পক্ষী–কাছ নিধন

দীপৰ বিলৰ মুখত মাছমৰা বান্ধ উচ্ছেদৰ দাবী স্থানীয় ৰাইজৰ

নিয়মীয়া বাৰ্তা ১৬ নৱেম্বৰঃ অসমৰ একমাত্র পক্ষী অভয়াৰণ্য দীপৰ বিলক সংৰক্ষণ কৰাৰ বাবে চৰকাৰে বহু আঁচনি হাতত লোৱা বুলি ঘোষণা কৰি আহিছে যদিও বাস্তৱ ক্ষেত্রত কোনো পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ তাৰ বিপৰতে এটা চক্রই মাছ মৰাৰ ছলেৰে বিলখনত জলকেলি কৰা দেশী–বিদেশী পৰিভ্রমী চৰাই আৰু বিৰল প্রজাতিৰ বিভিন্ন কাছ নিধন কৰি অহা বুলি গুৰুতৰ অভিযোগ উঠিছে৷ প্রাপ্ত অভিযোগ অনুসৰি দীপৰ বিলৰ পানী ব্রহ্মপুত্রলৈ গতি কৰাৰ সময়তে এটা চক্রই খানা নৈ আৰু বিলৰ সংযোগস্থানতে স্থাপন কৰিছে এটা বৃহৎ মাছ মৰা বান্ধ৷ স্থানীয় ভাষাত এই বান্ধটোৰ নাম হ’ল সাৰ বান্ধ৷ পানীৰ সোঁত ব্রহ্মপুত্রৰ ফালে ধাৱমান হোৱাৰ লগে লগে বিলখনত থকা বিভিন্ন প্রজাতিৰ বিৰল কাছৰ লগতে ৰৌ, ভকুৱা, মিৰিকা,বৰালি, চিতল, কালজাল আদিকে ধৰি মাছসমূহ ওলাই আহে৷ কিন্তু বিলখনৰ মুখতে বহুওৱা বান্ধত মাছ, কাছসমূহ আবদ্ধ হৈ পৰে৷ মাছ মৰা চক্রটোৱে আবদ্ধ হোৱা মাছবোৰ বজাৰত বিক্রী কৰাৰ লগতে বিৰল প্রজাতিৰ কাছবোৰ গোপনে বিক্রী কৰে৷ আনহাতে, শীতৰ আগমনৰ লগে লগে বিলখনলৈ আহিছে দেশী–বিদেশী বহু পৰিভ্রমী বিহংগ৷ অভিযোগ অনুসৰি মাছমৰা চক্রটোৱে নিশাৰ ভাগত বিলখনত জলকেলি কৰি থকা চৰাই নিধন কৰি ভক্ষণ কৰি অহা বুলি স্থানীয় একাংশ লোকে গুৰুতৰ অভিযোগ তুলিছে৷ উল্লেখনীয় যে বিলখনৰ তদাৰক কৰাৰ বাবে বন বিভাগৰ বিষয়া–কর্মচাৰীৰ এটা বিয়াগোম দল নিয়োজিত কৰা আছে যদিও তেওঁলোকে ব্যৱস্থা গ্রহণ কৰাৰ সলনি চকুমুদা কুলিৰ ভাওহে ধৰি থাকে৷ যাৰবাবে দীপৰ বিলৰ সংৰক্ষণৰ বাবে মাত মাতি অহা প্রকৃতিপ্রেমী সংগঠনসমূহকে ধৰি স্থানীয় লোকসকলে দীপৰৰ মুখত অবৈধভাৱে স্থাপন কৰা মাছ মৰা বান্ধটো শীঘ্রে উচ্ছেদ কৰিবলৈ চৰকাৰক দাবী জনাইছে৷

You might also like