নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৰণীয়াত অস্ত্রসহ ৪ ড্রাগ্ছ মাফিয়াক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশমর্মে ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ মহানগৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত কালি চানমাৰি আৰু নুনমাটি আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই পূব শৰণীয়াৰ পৰা চাৰিটা ড্রাগ্ছ মাফিয়াক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত পূব শৰণীয়াৰ জনী আলী নামৰ লোকজনৰ বাসগৃহত অভিযান চলাই ২.৭৯ গ্রাম হেৰ’ইন, ২৮ কণ্টেনাৰ, দুটা ৰাইফল আৰু সাতটা ম’বাইল ফোন জব্দ কৰে৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ড্রাগ্ছ মাফিয়া জনী আলীৰ ভাৰাঘৰত জন্মদিনৰ পার্টীত ড্রাগ্ছ সেৱনৰ তথ্য আৰক্ষীয়ে লাভ কৰি এই অভিযান চলাইছিল৷ আৰক্ষীয়ে জনী আলী, অশোক ছেত্রী আৰু ৰাহুল দাসক গ্রেপ্তাৰ কৰে৷ ধৃত ড্রাগ্ছ মাফিয়াকেইটাৰ ভিত্তিতে নুনমাটিৰ নিজৰাপাৰাত অভিযান চলাই আৰক্ষীয়ে আলতাফউদ্দিন লস্কৰক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

আৰক্ষীৰ জেৰাত ধৃত ড্রাগ্ছ মাফিয়াকেইটাই মিজোৰামৰ পৰা ড্রাগ্ছ ক্রয় কৰি গুৱাহাটীত বিক্রীৰ কৰাৰ কথা স্বীকাৰ কৰিছে৷ উল্লেখ্য যে ধৃত জনী আলীয়ে নুনমাটিৰ নিজৰাপাৰাত এজন লোকক দাৰে ঘপিয়াই হত্যা কৰাৰ অভিযোগত জে’লৰ ভাত খাবলগা হৈছিল৷

You might also like