নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাণীত শতায়ু গৰকা বৃদ্ধাৰ উৰুখা পঁজাত জীৱন যাপন

নিয়মীয়া বাৰ্তা ৩১ জুলাইঃ মহানগৰীৰ দাঁতিকাষৰীয়া অসম–মেঘালয় সীমান্তৰ ৰাণী গুইমাৰীৰ এগৰাকী শতায়ু গৰকা আইতাৰ কৰুণগাথাই আপোনাৰো মন চুই যাব৷ জীৱনৰ বিয়লিবেলাত খোজ দি আত্মীয় সকলোকে হেৰুৱাই এতিয়া অসহায় হৈ পৰিছে৷ গুৱাহাটী মহানগৰীৰ ৫৪নং পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ ৰাণীৰ গুইমাৰীত ঘৰ এইগৰাকী শতায়ু গৰকা চাৰু ৰাভা নামৰ আইতাৰ৷ জৰাজীর্ণ এটা ঘৰত দিন–ৰাতি পাৰ কৰা চাৰু ৰাভাৰ কিছু বছৰ পূর্বে স্বামী যোগেন ৰাভাৰ মৃত্যু হৈছিল৷

ইফালে, একমাত্র পুত্র, দুই কন্যাকো স্বামীৰ মৃত্যুৰ পিছতেই নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ যোৱাৰ পিছত থানবান হৈ যায় পৰিয়ালটো৷ কাণেৰে–চকুৰে ভালকৈ দেখা আৰু শুনা নোপোৱা আইতাই খুজি–মাগি কোনোমতে দুবেলা দুমুঠি যোগাৰ কৰি পেটৰ ভাতমুঠি মোকলায় যদিও বেমাৰ হ’লে লঘোণে দিন–ৰাতি কটায়৷ অৱশ্যে অঞ্চলটোৰ হূদয়ৱান দুই–এগৰাকী লোকে আইতাক মাজে–সময়ে সহায়ৰ হাত আগবঢ়ায়৷ ৰজাঘৰীয়াই দুখীয়া লোকৰ বাবে অভিলাষী একাধিক আঁচনি ঘোষণা কৰিছে যদিও চাৰু ৰাভাৰ দৰে অসহায় লোকক ঢুকি নোপোৱা বিষয়টোহে গুৰুত্বপূর্ণ৷

You might also like