নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ তিনিটা ৱার্ডক কণ্টেইনমেণ্ট জ’ন ঘোষণা

মহানগৰীত ভয়ংকৰ গতিত বাঢ়িছে আক্রান্তৰ সংখ্যা

নিয়মীয়া বাৰ্তা ৬ মেঃ ক’ভিড–১৯ৰ দ্বিতীয় ঢ়ৌৱে দেশজুৰি ত্রাস সৃষ্টি কৰিছে৷ সমগ্র দেশৰ লগতে অসমতো ক’ভিডত আক্রান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাব ধৰিছে৷ ৰাজ্যৰ ভিতৰতে গুৱাহাটী মহানগৰীত ক’ৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ যোৱা ২৮ এপ্রিলৰ পৰা চাৰি মে’লৈকে গুৱাহাটী মহানগৰীত মুঠ ৯,০২১জন লোক ক’ভিডত আক্রান্ত হৈছে৷ ক’ভিডৰ ভয়াৱহতা আৰু সংক্রমণ ৰোধৰ বাবে গুৱাহাটীৰ তিনিটা ৱার্ডক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷

বুধবাৰে উপায়ুক্তৰ কার্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত উপায়ুক্ত পেগুৱে আনুষ্ঠানিকভাৱে চাৰি শতাধিক লোক ক’ভিডত আক্রান্ত হোৱা ২৮, ১৬ আৰু ৮নং ৱার্ডত কাইলৈ বিয়লি দুই বজাৰ পৰা কার্যকৰী হোৱাকৈ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে৷ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা ২৮নং ৱার্ডত বেলতলা, বশিষ্ঠ, মৈদামগাঁও আৰু বৰমটৰীয়া অঞ্চল সামৰি লৈছে৷ উক্ত ৱার্ডটোত বিগত এটা সপ্তাহত ৭৪৩গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ১৬নং ৱার্ডত মুঠ ৫০৯গৰাকী লোক আক্রান্ত হৈছে৷ ১৬নং ৱার্ডত কণ্টেইনমেণ্ট জ’নত সামৰি লোৱা অঞ্চলকেইটা হৈছে– ফটাশিল, ভাস্কৰ নগৰ, বর্ষাপাৰা আৰু ধীৰেনপাৰা৷ কণ্টেইনমেণ্ট জ’ন ৮নং ৱার্ডত বিগত এটা সপ্তাহত ৪১৫গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷

এই ৱার্ডটোৱে সামৰি লোৱা অঞ্চলকেইটা হৈছে– ভূতনাথ, কুমাৰপাৰা, এ টি ৰোড, মাছখোৱা আৰু আঠগাঁও৷ সংবাদ মেলত উপায়ুক্ত পেগুৱে লগতে কয় যে বিগত এটা সপ্তাহত গুৱাহাটী মহানগৰীত ক’ভিডত আক্রান্ত লোকৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে৷ চৰকাৰৰ নীতি–নির্দেশনা অনুসৰি চাৰি শতাধিক লোক ক’ৰোনাত আক্রান্ত হোৱা অঞ্চলকেইটা কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে৷ কালিৰে পৰা ১৪ দিনৰ বাবে এই কণ্টেইনমেণ্ট জ’নকেইটাত চৰকাৰী–বেচৰকাৰী কার্যালয়, দোকান–পোহাৰ বন্ধ থাকিব৷ক’ভিড বিধি অনুসৰি ওলোৱা–সোমোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ কণ্টেইনমেণ্ট জ’নকেইটাত পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১২ বজালৈকে অত্যাৱশ্যকীয় সামগ্রী, ফলমূল, গাখীৰ আদিৰ দোকানসমূহ খুলিব পাৰিব৷ কণ্টেইনমেণ্ট জ’নকেইটাত জৰুৰীকালীন সেৱাৰ লগত জড়িত লোকসকলক ৰেহাই দিয়া হৈছে৷ অৱশ্যে প্রয়োজনীয় পৰিচয়–পত্র জৰুৰীকালীন সেৱাৰ লগত জড়িত লোকসকলে আৰক্ষীক প্রদর্শন কৰিব লাগিব৷

কণ্টেইনমেণ্ট জ’নকেইটা ফ্লায়িং স্কোৱাডে নিৰীক্ষণত ৰাখিব৷ ২৮নং ৱার্ডত তিনিটা, ১৬ আৰু ৮নং ৱার্ডত দুটাকৈ ফ্লায়িং স্কোৱাডৰ দলে কণ্টেইনমেণ্ট জ’নকেইটা নিৰীক্ষণ কৰিব৷ কণ্টেইনমেণ্ট জ’নত বসবাস কৰা লোকসকলে চৰকাৰী নীতি–নির্দেশনা উলংঘা কৰিলে আইন মতে ব্যৱস্থা গ্রহণ কৰিব বুলিও সংবাদ মেলত উপায়ুক্ত পেগুৱে স্পষ্ট কৰি দিয়ে৷ অৱশ্যে কণ্টেইনমেণ্ট জ’নকেইটাত বিয়লি ৬ বজালৈকে হোম ডেলিভাৰী আৰু ই–কমার্চৰ সুবিধা থাকিব৷ কণ্টেইনমেণ্ট জ’নত থকা এ টি এম, বেংক, ইঞ্চুৰেন্স অফিচ, ফার্মাচী, ভেটেইনাৰী ক্লিনিক, পশুখাদ্য দোকান, শাক–পাচলি, মাছ–মাংসৰ দোকানসমূহ ক’ভিড বিধি মানি খোলা ৰাখিব পাৰিব৷ ইয়াৰ উপৰি পেট্র’ল পাম্প, ৰন্ধন গেছৰ এজেঞ্চী, অত্যাৱশ্যকীয় সামগ্রীৰ নির্মাণ গোট, ইণ্টাৰনেট সেৱা, টেলিকম, ৱেৰ হাউছ, কল্ড ষ্ট’ৰেজসমূহ খোলা ৰাখিব পাৰিব৷ সংবাদ মেলত উপায়ুক্ত বিশ্বজিৎ পেগুৱে লগতে কয় যে গুৱাহাটী মহানগৰীত প্রতিদিনে গড় হিচাপত ১৪.২৩ শতাংশ লোক ক’ভিডত আক্রান্ত হৈছে৷

You might also like