গোসাঁইগাঁৱত আৰক্ষী-এছএছবিৰ অভিযানত দুই চোৰাং চিকাৰী গ্ৰেপ্তাৰ
গোসাঁইগাঁৱৰ অসম–বংগ সীমান্তৱৰ্তী টাপু অঞ্চলত আৰক্ষী আৰু সশস্ত্ৰ সীমা বলৰ যৌথ অভিযানত দুজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।
খবৰ অনুসৰি সোণকোষ নদীৰ পশ্চিম প্ৰান্তত আজি চলোৱা অভিযানত দুয়ো চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় নিৰাপত্তা বাহিনীয়ে।
অভিযানকালত ধৃত চোৰাং চিকাৰী দুজনৰ পৰা আৰক্ষীয়ে দুটা হাতনিৰ্মিত বন্দুক, চোকা অস্ত্ৰ, লাইট, বেটাৰী, তাঁৰ আদিকে ধৰি বহু সামগ্ৰী উদ্ধাৰ কৰে।
বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে যদিও তদন্তৰ স্বাৰ্থত ধৃত দুয়ো চোৰাং চিকাৰীৰ নাম এতিয়াও প্ৰকাশ কৰা হোৱা নাই।
ডিজিটেল ডেস্ক, ১৬ মাৰ্চ