নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজান বজাৰৰ কিশোৰী ডিম্পল হত্যাৰ তদন্তঃ ঘাতক আশ্বিকক লগত লৈ ঘটনাস্থলী পৰিদর্শন আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ উজান বজাৰৰ ৱার্ড ষ্ট্রীটৰ ভাৰাঘৰত ১৩ বছৰীয়া কিশোৰী ডিম্পল কুমাৱটৰ হত্যাকাৰী আশ্বিক গুপ্তাক শনিবাৰে আৰক্ষীয়ে লগত লৈ ঘটনাস্থলী পৰিদর্শন কৰাৰ লগতে ভিডিঅ’ ৰেকর্ডিং কৰে৷ শনিবাৰে বিয়লি প্রায় ৩.৩০ বজাত ঘাতক আশ্বিকক লগত লৈ আৰক্ষীয়ে অভিশপ্ত ভাৰাঘৰৰ কোঠাটোত উপস্থিত হৈ কেনেদৰে ঘাতক আশ্বিকে হত্যাকাণ্ড সংঘটিত কৰিছিল তাৰ ভিডিঅ’ ৰেকর্ডিং কৰে৷

ডিম্পলক হত্যা কৰা বুলি স্বীকাৰ কৰিলেও আৰক্ষীয়ে ঘাতক আশ্বিকৰ ভাষ্যত আশ্বস্ত হ’ব পৰা নাছিল৷ সেয়েহে তদন্তৰ খাতিৰত লতাশিল থানাৰ আৰক্ষীয়ে ঘাতক আশ্বিকক দুদিনৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে৷ কাইলৈ আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰিব৷ ইপিনে, ডিম্পলৰ হত্যাৰ ঘটনাক লৈ উজান বজাৰত উত্তেজনা অব্যাহত আছে৷

স্থানীয় ৰাইজে কিশোৰী হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী জনাইছে৷ পৰৱর্তী সময়ত যাতে এনে ঘটনাৰ পুনৰাবৃত্তি হ’ব নোৱাৰে তাৰ বাবে দোষীক দৃষ্টান্তমূলক শাস্তি দিবলৈ ৰাইজে আৰক্ষী প্রশাসনক আহ্বান জনাইছে৷

You might also like