নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত নির্মাণকাৰী প্রতিষ্ঠানৰ দৌৰাত্ম্যঃ পৌৰ নিগমৰ নীতি উলংঘাৰে লাষ্টগেটত অট্টালিকা নির্মাণ

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ গুৱাহাটী মহানগৰীত অব্যাহত আছে একাংশ নির্মাণকাৰী প্রতিষ্ঠানৰ দৌৰাত্ম্য৷ পৌৰ নিগমৰ নীতি–নির্দেশনা ভৰিৰে মোহাৰি একাংশ নির্মাণকাৰী প্রতিষ্ঠানে মহানগৰীত নির্মাণ কৰিছে এটাৰ পাছত আনটো অট্টালিকা৷ ৰাজধানী দিছপুৰৰ গাতে লাগি থকা লাষ্টগেটৰ বেলতলা–বশিষ্ঠ পথত এটা নির্মাণকাৰী প্রতিষ্ঠানে জি এম চিৰ নীতি উলংঘাৰে অট্টালিকা নির্মাণৰ অভিযোগ উঠিছে৷

প্রাপ্ত অভিযোগ অনুসৰি ‘ট্রিনিটি স্কোৱেৰ’ নামৰ প্রতিষ্ঠানে লাষ্টগেটত নির্মাণ কৰি থকা অট্টালিকাৰ নির্মাণকার্যই অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰিছে৷ দিনে–নিশাই শ্রমিকে কাম কৰি থকাৰ বাবে স্থানীয় লোকে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে৷ বিশেষকৈ পুৱতিনিশা পর্যন্ত অত্যাধুনিক মেচিনেৰে নির্মাণকার্য চলোৱাৰ ফলত বিকট শব্দত শিক্ষার্থী আৰু বয়োজ্যেষ্ঠ লোক বিশেষ অসুবিধাৰ সন্মুখীন হৈছে৷ তদুপৰি নির্মীয়মাণ অট্টালিকাটোৰ কাষতে দুটাকৈ বাসগৃহৰ দেৱালত ফাট মেলিছে৷

প্রতিষ্ঠানটোৰ বিষয়ববীয়াসকলক স্থানীয় লোকে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো বিষয়টো প্রতিষ্ঠানটোৱে গুৰুত্বসহকাৰে গ্রহণ নকৰাৰ অভিযোগ উঠিছে৷ পাছত স্থানীয় লোকে এই সন্দর্ভত জি এম চিক আৰু প্রদূষণ নিয়ন্ত্রণ ব’ডক অভিযোগ দাখিল কৰাৰ লগতে দিছপুৰ থানাত স্থানীয় ৰাইজে নির্মাণকাৰী প্রতিষ্ঠানটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷

ইপিনে, ৰাইজৰ অভিযোগৰ ভিত্তিত জি এম চিয়ে নির্মাণকাৰী প্রতিষ্ঠানটোৰ বিৰুদ্ধে জি পি এল, ইউ চি/২৬/১৮৮/২০২০/৯১৫৬০ নম্বৰত জাননী জাৰি কৰিছে৷ কিন্তু জি এম চিয়ে জাননী জাৰি কৰিয়ে দায়িত্ব সামৰা বুলি স্থানীয় লোকে অভিযোগ কৰিছে৷

You might also like