নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূর্বাঞ্চলৰ ৰবৰ ৰে’লেৰে দিল্লী–পঞ্জাবলৈ হ’ব সৰবৰাহ

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ অসমকে ধৰি উত্তৰ–পূবৰ ৰবৰ খেতিয়কসকলৰ বাবে এটা সুখবৰ৷ কিয়নো এতিয়াৰে পৰা উত্তৰ–পূর্বাঞ্চলৰ ৰে’লৰ শেষ প্রান্ত ত্রিপুৰাৰ পৰা অসমৰ মাজেৰে ৰে’লেৰে প্রথমবাৰৰ বাবে ৰবৰ সৰবৰাহ হ’ব দিল্লী আৰু পঞ্জাবলৈ৷ ফলত ট্ৰাকেৰে সৰবৰাহ কৰাতকৈ বহু পৰিবহন খৰচ কমি যাব আৰু ৰবৰ খেতিয়কসকল বহু পৰিমাণে উপকৃত হ’ব৷

এই সন্দর্ভত উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখত জনসম্পর্কৰক্ষী বিষয়া গুনীত কৌৰে জানিবলৈ দিয়া মতে ৰবৰ খেতিৰ বাবে বিখ্যাত ত্রিপুৰাত বছৰি ৯০ হাজাৰ টনতকৈ অধিক পৰিমাণে ৰবৰ উৎপাদন হয়৷ ৰে’লেৰে এই ৰবৰ দিল্লী, পঞ্জাবলৈ সৰবৰাহ বা পৰিবহণ কৰিলে প্রতি টনত খৰচ পৰিব ৩,৫০০ টকাৰ পৰা ৫,৫০০ টকা৷ কিন্তু ইয়াৰ বিপৰীতে ৰে’লেৰে সৰবৰাহ কৰিলে খৰচ হ’ব ১,৭৪৬ টকাৰ পৰা সর্বাধিক ২,৫০০ টকা৷ অর্থাৎ প্রায় ৩০ৰ পৰা ৪০ শতাংশ পর্যন্ত পৰিবহণ ব্যয় ৰাহি হ’ব বা কমি যাব৷ যোৱা ২০২০–২১ বর্ষত ত্রিপুৰাৰ পশ্চিম ত্রিপুৰা, দক্ষিণ ত্রিপুৰা আৰু চিপাহীজালা জিলাত উৎপাদন হোৱা প্রায় ৫৩ হাজাৰ টন ৰবৰ ট্ৰাকেৰে পঞ্জাবৰ ঔদ্যোগিক নগৰী জলন্ধৰ, লুধিয়ানা, দিল্লীলৈ গৈছিল৷ কিন্তু ৰে’লৰ সুবিধা লাভ কৰিবলৈ ৰাজ্যৰ ৰবৰ কৃষকসকল যাতে আগবাঢ়ি আহে তাৰ বাবে উত্তৰ–পূব সীমান্ত ৰে’লৱে কর্তৃপক্ষই ত্রিপুৰা চৰকাৰৰ সহযোগত ৰবৰ খেতি হোৱা অঞ্চলৰ নিকটৱর্তী কেইবাটাও ৰে’ল ষ্টেচনত ৰবৰ খেতিয়কৰ সৈতে মত বিনিময় অনুষ্ঠান আৰু ৰোড শ্ব’ কৰা হৈছিল৷

ইতিমধ্যে ৩ ছেপ্ঢেম্বৰৰ পৰা ৰবৰ ৰে’লেৰে দিল্লীৰ লগতে জলন্ধৰ আৰু লুধিয়ানালৈ সৰবৰাহ কার্য আৰম্ভ হৈছে৷ নিশ্চিতভাৱে ইয়াৰ দ্বাৰা ত্রিপুৰাকে ধৰি দাঁতি–কাষৰীয়া অসমো প্রত্যক্ষ–পৰোক্ষভাৱ্ লাভৱান হ’ব৷ মুখ্য জনসম্পর্কৰক্ষী বিষয়াজনে সদৰী কৰা অনুসৰি ৰে’লেৰে ৰবৰ বা ৰবৰ শ্বীট সৰবৰাহ কার্য আৰম্ভ হোৱাৰ পাছত খেতিয়কসকলৰ সমান্তৰালভাৱে সৰবৰাহকাৰীসকলো যথেষ্ট উপকৃত হ’ব৷

You might also like