নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাণ্ডুত চিকিৎসকৰ ৰূপত দেৱী দুর্গা

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰ: ক’ভিডসৃষ্ট পৰিৱেশৰ পিছত এইবাৰ ৰাজ্যবাসীয়ে উদযাপন কৰিব শাৰদীয় দুর্গাপূজা৷ যাৰ বাবে ৰাজ্যৰ সকলো প্রান্তৰ কমিটীসমূহ সাজু হৈছে পূজা উদযাপনৰ বাবে৷ নানা বিষয়বস্তু লৈ পূজা অনুষ্ঠিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে পূজা কমিটীসমূহে৷ এইবাৰৰ পূজাৰ মুখ্য আকর্ষণ হ’ব পাণ্ডুৰ আমেৰিকান কলনীৰ মা দুর্গাৰ প্রতিমা৷ সমগ্র বিশ্বতে ত্রাস সৃষ্টি কৰা ক’ৰোনাক অসুৰৰ ৰূপত সজাইছে পূজা কমিটীয়ে৷ অসুৰৰূপী ক’ভিডক নাশ কৰিবলৈ দেৱীয়ে ভেকচিন দিয়াৰ দৃশ্য দেখুওৱাৰ চেষ্টা কৰিছে পূজা কমিটীখনে৷ যাতে ভেকচিনে ক’ভিড নাইকিয়া কৰে, এই বার্তা দিয়াৰ উদ্দেশ্যে নির্মাণ কৰা হৈছে এই মূর্তি৷ ইয়াৰ লগতে অন্যান্য আটকধুনীয়া দৃশ্য দেখিবলৈ পোৱা যাব এই পূজা মণ্ডপত৷

উল্লেখ্য যে বহিঃৰাজ্যৰ পৰা অহা শিল্পীয়ে নির্মাণ কৰিছে দেৱীৰ প্রতিমা৷ পূজা কমিটীয়ে জনোৱা অনুসৰি, চৰকাৰে দিয়া ক’ভিডৰ সকলো নীতি–নিয়ম মানি পূজা অনুষ্ঠিত কৰিবলৈ তেওঁলোক সাজু৷ কেৱল পাণ্ডুৰ এইখন পূজাই নহয়, মহানগৰীৰ আন আন পূজাতো পূজা অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিলেও মা দুর্গাৰ প্রতিমাক নতুন নতুন ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে৷

উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ ১০০ৰো অধিক পূজা অনুষ্ঠিত হয় পাণ্ডু অঞ্চলত৷

You might also like