নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ–নির্বাচনত বহুধাবিভক্ত বিৰোধী শিবিৰ

অহা ৩০ অক্টোবৰত ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত উপ–নির্বাচন অনুষ্ঠিত হ’ব৷ গোসাঁইগাঁও আৰু তামুলপুৰৰ বিধায়ক দুজনৰ মৃত্যু হোৱাৰ ফলত এই দুটা সমষ্টিত উপ–নির্বাচন অৱধাৰিত হৈ পৰাৰ উপৰি ভৱানীপুৰ–থাওৰা আৰু মৰিয়নি সমষ্টিৰ বিগত বিধানসভা নির্বাচনত নির্বাচিত তিনিওজন বিৰোধী বিধায়কে বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছত এই তিনিওটা সমষ্টিতো অনুষ্ঠিত হ’ব উপ–নির্বাচন৷ ইতিমধ্যে শাসকীয় বিজেপি মিত্রজোঁটে পাঁচোটা সমষ্টিৰ বাবে প্রার্থী প্রক্ষেপ কৰিছে৷ সেই অনুসৰি গোসাঁইগাঁও আৰু তামুলপুৰ সমষ্টি মিত্রদল ইউপিপিএলক এৰি দিয়াৰ বিপৰীতে ভৱানীপুৰ–থাওৰা আৰু মৰিয়নিত বিজেপিয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ এই তিনিওটা সমষ্টিৰে ভৱানীপুৰত এআইইউডিএফ ত্যাগ কৰি বিজেপিত যোগদান কৰা বিধায়কজনক আৰু থাওৰা তথা মৰিয়নিৰ কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা দুয়োজন প্রাক্তন বিধায়ককে শাসকীয় দলটোৱে প্রার্থিত্ব প্রদান কৰিছে৷ ফলস্বৰূপে এই তিনিওটা সমষ্টিতে বিজেপিৰ স্থিতি শক্তিশালী হৈ পৰিছে৷ ইফালে বিটিআৰত শাসনত থকা ইউপিপিএলৰ বাবে গোসাঁইগাঁও আৰু তামুলপুৰ দুয়োটা সমষ্টিতে স্থিতি শক্তিশালী হৈ আছে৷ ইয়াৰ বিপৰীতে পাঁচোটা সমষ্টিৰ উপ–নির্বাচনৰ ক্ষেত্রত বিৰোধী শিবিৰৰ স্থিতি অতিকে দুর্বল পৰিলক্ষিত হৈছে৷ বিশেষকৈ উপ–নির্বাচনৰ প্রাক্মুহূর্তত বহুধাবিভক্ত হৈ পৰা বিৰোধী দলৰ প্রার্থিত্বই শাসকীয় দলটোক সুবিধা কৰি দিয়াটো নিশ্চিত হৈ পৰিছে৷ উপ–নির্বাচনৰ দিন ঘোষণা হোৱাৰ পূর্বৰ পৰা বিৰোধী দলসমূহৰ নিজৰ মাজতে হোৱা বিভিন্ন বাক্–বিতণ্ডাই বিজেপিক সহায় কৰিছে৷ উল্লেখ্য যে যোৱা বিধানসভা নির্বাচনত কংগ্রেছ আৰু এআইইউডিএফৰ মাজত থকা মহাজোঁট ইতিমধ্যে আনুষ্ঠানিকভাৱে দুয়োটা দলে ভংগ কৰাৰ পিছত নামনি অসমৰ সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত বিৰোধীৰ ভোট বিভাজন হোৱাটো নিশ্চিত হৈ পৰিছে৷
কংগ্রেছ আৰু এআইইউডিএফৰ মাজত থকা মহাজোঁট বন্ধন ভংগৰ পিছতেই কংগ্রেছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সৈতে মিত্রতা সম্পর্কত বিভিন্ন বৈঠকত মিলিত হৈছিল৷ কিন্তু আসন ভাগ–বাটোৱাৰৰ অংক নিমিলা বাবে এই দলসমূহৰ সৈতে কংগ্রেছৰ মিত্রতা গঢ়ি নুঠাত ইতিমধ্যে পাঁচোটা সমষ্টিতে কংগ্রেছ দলে নিজাববীয়াকৈ প্রার্থী প্রক্ষেপ কৰিছে৷ আনহাতে মহাজোঁটত থকা বিপিএফ দলে মহাজোঁট ত্যাগ কৰি গোসাঁইগাঁও সমষ্টিত এককভাৱে প্রার্থী ঘোষণা কৰিছে৷ গুৰুত্বপূর্ণ বিষয়টো হ’ল যে উপ–নির্বাচনৰ পূর্বে মিত্রতা সম্পর্কীয় বহুলানি বৈঠকৰ পিছত কংগ্রেছ আৰু ৰাইজৰ দলৰ মাজত তীব্র বাক্যবাণেৰে আক্রমণ–প্রতিআক্রম অব্যাহত আছে৷ ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাক তীব্র সমালোচনা কৰাৰ বিপৰীতে ভূপেন বৰায়ো দৈনিক অখিল গগৈৰ বিৰুদ্ধে বাক্যবাণ প্রয়োগ কৰি আহিছে৷ একেদৰে অখিল গগৈয়ে অসম জাতীয় পৰিষদৰো সমালোচনা কৰা পৰিলক্ষিত হৈছে৷ বিৰোধী দলসমূহৰ মাজত হোৱা এনে আক্রমণ–প্রত্যাক্রম বিবৃতি–যুদ্ধখনে কার্যতঃ এতিয়া উপ–নির্বাচনৰ প্রাক্মুহূর্তত শাসকীয় মিত্রজোঁটক বিশেষভাৱে সহায় কৰিছে৷ যি সময়ত বিৰোধীৰ আক্রমণৰ লক্ষ্য হ’ব লাগিছিল শাসকীয় মিত্রজোঁট, সেই মুহূর্তত এটা বিৰোধী ৰাজনৈতিক দলে আন এটা বিৰোধী ৰাজনৈতিক দলক সমালোচনা কৰা বিষয়টোৱে ভোটাৰ ৰাইজৰ মাজত প্রভাৱ বিস্তাৰ কৰাটো নিশ্চিত৷ বিৰোধীৰ এনে দুর্বল স্থিতিৰ পিছত উপ–নির্বাচনত সংশ্লিষ্ট সমষ্টিসমূহৰ ভোটাৰ ৰাইজে কিদৰে বিৰোধী প্রার্থীক আস্থাত ল’ব, সেয়া এক বৃহৎ প্রশ্ণ৷ উপ–নির্বাচনত বিৰোধী দল বিজয়ী হোৱাৰ বাবে প্রয়োজন অতি সুচতুৰ নির্বাচনী ৰণকৌশলৰ৷ কিয়নো উপ–নির্বাচনত সাধাৰণতে শাসকীয় পক্ষৰ সপক্ষে এক নির্বাচনী ঢ়ৌ থাকে৷ তদুপৰি শাসকীয় দলৰ সকলো হাইপ্র’ফাইল নেতা–মন্ত্রী–বিধায়ক নির্বাচনী প্রচাৰত নামি পৰে৷ এনে প্রচাৰ তথা নির্বাচনী ৰণকৌশল ওফৰাই বিৰোধী প্রার্থী বিজয়ী হ’বলৈ যথেষ্ট পৰিকল্পনা আৰু ৰণকৌশলৰ প্রয়োজন৷ শেহতীয়াকৈ অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ–নির্বাচনত বিৰোধীৰ পৰিকল্পিত নির্বাচনী ৰণকৌশলৰ পৰিৱর্তে দেউলিয়াপনা অৱস্থা আৰু বিৰোধী ভোট বিভাজনৰ জৰিয়তে শাসকীয় মিত্রজোঁট বহুদূৰ আগুৱাই থকাটো নিশ্চিত হৈ পৰিছে৷

You might also like