নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়মাইল উৰণ সেতুৰ তলত ই–ৰিক্সাৰ অবৈধ পার্কিং

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ গুৱাহাটী মহানগৰীৰ ৰাজপথত জধে–মধে চলাচল কৰা ই–ৰিক্সাৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণত ব্যর্থ হৈছে কামৰূপ (ম) জিলা পৰিবহণ বিভাগ৷ জিলা পৰিবহণৰ নীতি–নির্দেশনা ভৰিৰে মোহাৰি মহানগৰীৰ ৰাজপথত শ শ ই–ৰিক্সা চলাচল কৰাৰ পিছতো যান–বাহন আৰক্ষী আৰু জিলা পৰিবহণৰ বিভাগীয় বিষয়া–কর্মচাৰীয়ে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ মহানগৰীৰ ছয়মাইলত নীতি বহির্ভূতভাৱে শ শ ই–ৰিক্সা চলাচল কৰাৰ পিছতো যান–বাহন আৰক্ষীয়ে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰা নাই৷

একাংশ ব্যৱসায়ীয়ে জানিবলৈ দিয়া মতে, ছয়মাইল উৰণ সেতুৰ তলত ই–ৰিক্সাৰ অবৈধ আস্থান গঢ় লৈ উঠিছে৷ ছয়মাইল উৰণ সেতুৰ তলত ভিআইপি ৰোড সংযোগী পথৰ সন্মুখত একে সময়তে শতাধিক ই–ৰিক্সা পার্কিং কৰাৰ লগতে জধে–মধে যাত্রী উঠা–নমা কৰি পৰিৱেশ বিনষ্ট কৰিছে৷ ভিআইপি পথৰ অধিকাংশ ঠাই আগুৰি ই–ৰিক্সা পার্কি কৰি যাত্রী উঠা–নমা কৰোৱাৰ ফলত অঞ্চলটোত সঘনাই তীব্র যান–জঁটৰ সৃষ্টি হয়৷ স্থানীয় লোকে ছয়মাইল উৰণ সেতুৰ তলত গঢ় লৈ উঠা অবৈধ ই–ৰিক্সা আস্থান উঠাই দিয়াৰ লগতে জধে–মধে পার্কি কৰা ই–ৰিক্সাৰ চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ আৰক্ষী–প্রশাসনক আহ্বান জনোৱাৰ পিছতো যান–বাহন আৰক্ষীয়ে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে৷

প্রাপ্ত অভিযোগ মতে, ই–ৰিক্সা চালকসকলে ভিআইপি ৰোডৰ সন্মুখত পার্কি কৰি যাত্রী উঠা–নমা কৰোৱাত ব্যাপক যান–জঁটৰ সৃষ্টি হোৱাত পথচাৰীসকলে যাতায়াতৰ ক্ষেত্রত দুর্ভোগ ভুগিবলগীয়া হৈছে৷ উল্লেখ্য যে ছয়মাইলৰ পৰা পাঞ্জাবাৰী, বাঘৰবড়ি, পুৰণাবস্তি, সাতগাঁও, নৱাপাৰা আদি অঞ্চলত শ শ ৰিক্সা চলাচল কৰে৷ ফলত ছয়মাইল–পাঞ্জাবাৰী সংযোগী পথত সঘনাই যান–জঁটৰ সৃষ্টি হোৱাত বহু বাহন ৰাজপথত আবদ্ধ হৈ পৰে৷ এনেদৰে ই–ৰিক্সা চালকে মইমতালি চলোৱাৰ পিছতো জিলা পৰিবহণ কার্যালয়ে বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ অবৈধভাৱে ই–ৰিক্সা পার্কিং কৰাসকলক লৈ পৰিবহণ বিভাগৰ মৌনতাক লৈ ৰহস্য ঘনীভূত হোৱাৰ লগতে আৰক্ষীয়ে কমিছন সংগ্রহ কৰাৰ অভিযোগ উত্থাপন হৈছে৷

You might also like