নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি ধুমুহাত ত্রিপুৰাত বিধ্বস্ত তৃণমূল–বাঁও মর্চা

পৌৰ নির্বাচনত ৩৩৪ আসনৰ ৩২৯খনতেই বিজয়ঃ বিপ্লৱ দেৱক অভিনন্দন ড০ হিমন্ত বিশ্ব শর্মাৰ

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ উত্তৰ–পূবৰ ৰাজ্য ত্রিপুৰাত গেৰুৱা দল বিজেপিৰ বিৰুদ্ধে মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছে তীব্র প্রচাৰ অভিযান চলোৱা সত্ত্বেও ৰাজ্যখনৰ পৌৰ নির্বাচনত ৯৯ শতাংশ আসন জয়েৰে অভিলেখ গঢ়িছে বিজেপিয়ে৷ ৰাজ্যখনৰ মুঠ ৩৩৪টা ৱার্ডৰ ৩২৯টাতেই বিজেপিয়ে জয়লাভ কৰিছে৷ অর্থাৎ ৩২৯খন আসন লাভেৰে ত্রিপুৰাত বিজেপিয়ে দুর্গ অক্ষত ৰক্ষাৰ কথা প্রমাণ কৰি দিছে৷ ৰাজ্যখনত বাম মর্চাই তিনিখন আসন লাভ কৰাৰ বিপৰীতে তৃণমূল কংগ্রেছে লাভ কৰিছে এখন আসন৷ ইফালে, প্রদ্যুৎ মাণিক্য দেৱবর্মনৰ টিপ্রা মোথা দলে লাভ কৰিছে এখন আসন৷ ১৩টা পৌৰসভা আৰু ৬টা নগৰ পঞ্চায়তৰ নির্বাচনত গেৰুৱা শিবিৰে নিয়ন্ত্রণ সাব্যস্ত কৰিবলৈ সক্ষম হৈছে৷ এই প্রসংগতে উল্লেখ কৰা প্রয়োজন যে বিনাপ্রতিদ্বন্দ্বিতাৰে বিজেপিয়ে ১১২খন আসন লাভ কৰিবলৈ সক্ষম হৈছে৷

স্মর্তব্য যে বিগত কেইটামান বছৰৰ ভিতৰত ত্রিপুৰাত বাঁও দুর্গ ধূলিস্যাৎ কৰি বিস্ময়কৰ উত্থান সম্ভৱ কৰি তুলিছিল বিজেপিয়ে৷ এই বিজয়ৰ পাছতেই ৰাজ্যখনৰ মুখ্যমন্ত্রী বিপ্লৱ দেৱে উল্লেখ কৰে যে পৌৰ নির্বাচনত বিজেপিৰ জয়লাভ মানেই ত্রিপুৰাৰ জনসাধাৰণৰ জয়৷ সংখ্যালঘু আৰু সংখ্যাগুৰু বুলি ত্রিপৰাৰ জনসাধাৰণে কোনো বিষয়ক গুৰুত্ব প্রদান কৰা নাই৷ সাম্প্রতিক সময়ত বহু বিৰোধী লোকে ত্রিপুৰাৰ বদনাম কৰি থকাৰ সময়তে ৰাজ্যখনৰ জনসাধাৰণে পৌৰ নির্বাচনৰ জৰিয়তে যোগ্য প্রত্যুত্তৰ দিয়া বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে৷

ইফালে, এই বিজয়ৰ পাছতেই দেশৰ বিভিন্ন প্রান্তৰ পৰা বিজেপি নেতাসকলে অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্রী বিপ্লৱ দেৱসহ ত্রিপুৰা চৰকাৰক৷ লগতে ৰাজ্যখনৰ জনসাধাৰণে সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱা বুলিও বহু নেতাই মন্তব্য আগবঢ়াইছে৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যখনত বিজেপিৰ এই বৃহৎ বিজয়ৰ পাছতে মুখ্যমন্ত্রী বিপ্লৱ দেৱক অভিনন্দন জ্ঞাপন কৰি এয়া প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বৰ প্রতি জনসাধাৰণৰ সমর্থন বুলি অভিহিত কৰিছে৷ লক্ষণীয়ভাৱে আগৰতলা পৌৰসভা, ৬টা নগৰ পঞ্চায়ত আৰু ৭টা পৌৰ পৰিষদ মিলি মুঠ ৩৩৪ আসনৰ নির্বাচন হৈছিল ত্রিপুৰাত৷ ইয়াৰে ৩২৯ আসনতেই বিজয় সাব্যস্ত কৰিছে বিজেপিয়ে৷ অৱশ্যে ৰাজ্যখনত এই নির্বাচনত ভোট লাভৰ ক্ষেত্রত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে তৃণমূল কংগ্রেছে৷ গতিকে দলটোৱে কম সময়ৰ ভিতৰতে সাংগঠনিক ভেটি কিছু হ’লেও টনকিয়াল কৰিবলৈ সক্ষম হৈছে৷

You might also like