জালুকবাৰী আৰক্ষীৰ অভিযান সাত দুর্ধর্ষ পকেটমাৰক গ্রেপ্তাৰ
নিয়মীয়া বার্তা, ২৯ অক্টোবৰঃ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত চুৰি–ডকাইতিকে ধৰি বিভিন্ন অপৰাধমূলক কার্যকলাপ সংঘটিত কৰি অহা ৭ দুর্ধর্ষ পকেটমাৰক আজি মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
মহানগৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত জালুকবাৰী আৰক্ষীৰ এটা দলে আজি অভিযান চলাই এখন চিটীবাছৰ পৰা এই সাতজনীয়া অপৰাধীৰ দলটোক গ্রেপ্তাৰ কৰে৷ ধৃত পকেটমাৰকেইটা ক্রমে নয়ন বড়ো, জীৱন দাস, মণ্টু আলী, আবু আলী, ছবিকুল ইছলাম, মণি আলী আৰু কমল দাস৷
ধৃত পকেটমাৰকেইটাৰ পৰা আৰক্ষীয়ে ১০,৬০০ টকা জব্দ কৰে৷ সম্প্রতি অভিযুক্ত অপৰাধীকেইটাক জালুকবাৰী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷