নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাঁচীবজাৰৰ এমএছ ৰোডত পৌৰ নিগমৰ উচ্ছেদ অভিযানক লৈ উত্তপ্ত পৰিস্থিতি; ডেৰশতাধিক ফলমূল–পাচলিৰ দোকান উচ্ছেদ

নিয়মীয়া বাৰ্তা, ১৩ এপ্রিলঃ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ এটা দিন বাকী থকাৰ সময়তে সোমবাৰে উত্তৰ–পূর্বৰ ব্যৱসায়িক প্রাণকেন্দ্র স্বৰূপ ফাঁচীবজাৰত গুৱাহাটী পৌৰ নিগমে এক উচ্ছেদ অভিযান চলায়৷ ফাঁচীবজাৰৰ পুৰণা জেইলৰ সমীপৰ এম এছ ৰোডত গঢ়ি উঠা অবৈধ দোকান–পোহাৰ উচ্ছেদ কৰে৷ পুৱা প্রায় ৫ বজাত কোনো আগজাননী নিদিয়াকৈ পৌৰ নিগমে এক্সকেভেটৰেৰে এফালৰ পৰা এম এছ ৰোডত গঢ়ি উঠা অবৈধ দোকান–পোহাৰ ভাঙি পেলায়৷ জিলা প্রশাসনৰ সহযোগত পৌৰ নিগমে চলোৱা এই উচ্ছেদ অভিযানত ডেৰশতাধিক ফলমূল আৰু পাচলিৰ দোকান উচ্ছেদ কৰা হয়৷

ইপিনে, উচ্ছেদৰ সময়তে অভিযানকাৰী দলটোক ব্যৱসায়ীসকলে বাধা আৰোপ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ একাংশ ব্যৱসায়ীয়ে এই উচ্ছেদ অভিযানৰ তীব্র বিৰোধিতা কৰাৰ লগতে অভিযানকাৰী দলটোক বাধা আৰোপ কৰাত জি এম চিৰ অভিযানকাৰী আৰক্ষীৰ দলে ব্যৱসায়ীসকলৰ ওপৰত লাঠীচার্জ কৰিবলৈ বাধ্য হয়৷ আৰক্ষীৰ লাঠীচালনাত মহিলাসহ কেইবাগৰাকীও ব্যৱসায়ী আঘাতপ্রাপ্ত হয়৷ ভুক্তভোগী মহিলা আৰু ব্যৱসায়ীসকলে ঘটনা সন্দর্ভত পাণবজাৰ মহিলা থানাত এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে৷

আনহাতে, পৌৰ নিগমৰ এক সূত্রই সদৰী কৰা মতে বিগত প্রায় ২০ বছৰ ধৰি ফাঁচীবজাৰৰ এমএছ ৰোডত ব্যৱসায়ীসকলে দোকান–পোহাৰ কৰি অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰি আহিছে৷ অৱশ্যে পূর্বে এইসকল ব্যৱসায়ীয়ে পৌৰ নিগমক কৰ আদায় দিছিল যদিও পৰৱর্তী সময়ত ব্যৱসায়ীসকল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত ন্যায়ালয়ে শুনানি গ্রহণ কৰি ২০১৬ চনত এক ৰায়দান যোগে ব্যৱসায়ীসকলক নির্দিষ্ট স্থানলৈ স্থানান্তৰ কৰাৰ নির্দেশ দিয়ে৷ পদপথত ব্যৱসায় কৰাসকলৰ বাবে মহানগৰীত ভেণ্ডিং জ’ন স্থাপন কৰাৰ নির্দেশ দিয়ে যদিও জি এম চি কর্তৃপক্ষই ভেণ্ডিং জ’ন স্থাপন কৰাৰ ক্ষেত্রত কোনো পদক্ষেপ গ্রহণ কৰা দেখা নগ’ল৷

ইপিনে, গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০২১ চনৰ ৩১ মার্চলৈকে ব্যৱসায়ীসকলক উচ্ছেদ কৰিব নোৱাৰিব বুলি জি এম চিক নির্দেশ দিয়ে৷ এই নির্দেশৰ সময়সীমা উকলি যোৱাৰ বাবেই কালি জি এম চিয়ে উক্ত অবৈধ দোকান–পোহাৰ উচ্ছেদ কৰে৷ এই সন্দর্ভত ভুক্তভোগী ব্যৱসায়ীসকলে পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ হুংকাৰ দিয়ে৷

You might also like