নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাঁচীবজাৰত ৩ বুকী গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ গুৱাহাটী মহানগৰীত আই পি এল ক্রিকেটৰ নামত চলিছে লাখ লাখ টকাৰ জুৱা৷ হাই প্রফাইল জুৱাৰী চক্রই মহানগৰীত আই পি এলৰ নামত জুৱা চলাই যুৱপ্রজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া পৰিলক্ষিত হৈছে৷ আই পি এল ক্রিকেটক লৈ বুকিয়ে লাখ লাখ টকাৰ জুৱা চলাই থকাৰ কথা পোহৰলৈ অহাত আৰক্ষী অপৰাধ অনুসন্ধান শাখাই সোমবাৰে মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই তিনিজন জুৱাৰীক গ্রেপ্তাৰ কৰাৰ লগতে কিছু আপত্তিজনক নথি–পত্র আৰু কেইবাটাও ম’বাইল ফোন জব্দ কৰে৷

অনুসন্ধান শাখাই সোমবাৰে মহানগৰীৰ ফাঁচীবজাৰ, পাণবজাৰ আৰু পল্টনবজাৰৰ পৰা গোপন সূত্রৰ খবৰৰ ভিত্তিত অভিযান চলাই গ্রেপ্তাৰ কৰা বুকীকেইটা হৈছে ক্রমে দীপেশ বজৰীয়া, ৰৌণক বজৰীয়া আৰু ৰাজেশ জৈন৷ উল্লেখ্য যে ধৃত জুৱাৰীকেইটাই দীর্ঘদিন ধৰি মহানগৰীত আই পি এলৰ জুৱা চলাই আহিছিল৷ ক্রিকেটৰ নামত জুৱা চলাই জুৱাৰী চক্রটোৱে যুৱপ্রজন্মৰ ভৱিষ্যৎ অন্ধকাৰলৈ ঠেলি দিয়া পৰিলক্ষিত হৈছে৷ আৰক্ষীয়ে সম্প্রতি আই পি এলৰ জুৱাৰীকেইটাক সোধা–পোছা অব্যাহত ৰাখিছে৷

You might also like