নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ৰ বিৰুদ্ধে কাহিলিপাৰা আদর্শপুৰবাসীৰ যুদ্ধ

 নিয়মীয়া বার্তা, ৬ আগষ্টঃ গুৱাহাটী মহানগৰীত ক’ৰোনাৰ সংক্রমণ বৃদ্ধিয়ে সকলোকে ভীতিগ্রস্ত কৰি ৰখাৰ সময়তে কাহিলিপাৰাৰ আদর্শপুৰবাসীয়ে ক’ভিড–১৯ৰ বিৰুদ্ধে বিশেষ যুঁজ অব্যাহত ৰাখিছে৷

শেহতীয়াকৈ আদর্শপুৰ বাইলেন ৪ উন্নয়ন সমিতিয়ে বাসিন্দাসকলক ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা বচাই ৰাখিবলৈ চৰকাৰে বান্ধি দিয়া নীতি–নিয়ম কঠোৰভাৱে অনুকৰণ কৰাৰ নির্দেশনা জাৰি কৰিছে৷

উন্নয়ন সমিতিৰ সম্পাদক ধ্রুৱজ্যোতি শর্মাই জানিবলৈ দিয়া মতে বর্তমানলৈ অঞ্চলটোত এজনো ক’ৰোনা আক্রান্ত চিনাক্ত হোৱা নাই৷ অঞ্চলটোলৈ অহা প্রতিজন বাহিৰৰ ব্যক্তিৰ লগতে খুচুৰা ব্যৱসায়ীৰ নাম–ঠিকনা পঞ্জীয়ন কৰাৰ লগতে তেওঁলোকৰ ফোন নম্বৰো সংগ্রহ কৰি ৰাখিছে৷

আনকি পাচলি–মাছ বিক্রী কৰোতাৰ ভিডি’ সংগ্রহ কৰি ৰাখিছে কমিটীখনে৷ সমান্তৰালভাৱে প্রতি পৰিয়ালৰ মাজত মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ কৰাত সর্বাধিক গুৰুত্ব আৰোপ কৰিছে কমিটীখনে৷

You might also like