নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূৰ্তি ৰাখিলে মছজিদৰ অস্তিত্ব শেষ হৈ নাযায়ঃ মুছলিম পাৰ্ছনেল ল ব’ৰ্ড

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ অযোধ্যাৰ ভূমি পূজনৰ পিছতেই মুছলিম পাৰ্চনেল ল ব’ৰ্ডৰ পৰা এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছে। প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে বাবৰি মছজিদ কালিও আছিল, আজি আছে আৰু ভৱিষ্য়তলৈও থাকিব। ব’ৰ্ডে হাগিয়া চৌফিয়াৰ উদাহৰণ দিয়ে। মছজিদত মূৰ্তি ৰাখিলে, পূজা আৰম্ভ কৰিলে অথবা বহু সময়ৰ বাবে নামাজ পঢ়িবলৈ মছজিদত প্ৰতিবন্ধকতা থাকিলে মছজিদৰ অস্তিত্ব শেষ হৈ নাযায়।

মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে পুনৰ কয় যে আমি সদায় মানি আহিছো যে বাবৰি মচজিদ কোনো মন্দিৰ অথবা কোনো হিন্দু ধৰ্মীয় উপসনা স্থলী ধ্বংস কৰি নিৰ্মাণ কৰা নাই।

You might also like