নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাঁচী বজাৰ–চন্দ্রপুৰত বিধ্বংসী অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা ১৭ এপ্ৰিলঃ মহানগৰীৰ চন্দ্রপুৰ আৰু ফাঁচী বজাৰত পৃথকে দুটাকৈ অগ্নিকাণ্ড সংঘটিত হয়৷ শুকুৰবাৰে সন্ধিয়া প্রায় ৬ বজাত ফাঁচী বজাৰৰ ছপার্ছ পইণ্টৰ সন্মুখত এখন মার্কেটত অগ্নিকাণ্ডৰ সূত্রপাত হয়৷ এই অগ্নিকাণ্ডত এটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ লগতে কেইবাখনো দোকানৰ কেইবালক্ষ টকাৰ সা–সম্পত্তি ভস্মীভূত হয়৷ অগ্নিনির্বাপক বাহিনীৰ দুখনকৈ গাড়ীয়ে জুই নির্বাপণ কৰিবলৈ সক্ষম হয়৷ প্রাথমিক তদন্তৰ অন্তত এখন ম’ম’ দোকানৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্রপাত হোৱা বুলি জানিবলৈ দিছে৷

ইফালে, প্রাগজ্যোতিষপুৰ থানা এলেকাৰ তাঁতিমাৰা গাঁৱত কালি বিয়লিৰ ভাগত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়৷ এই অগ্নিকাণ্ডত তাঁতিমাৰা গাঁওস্থিত নীৰ নির্মল পৰিযোজনা পানী যোগান কেন্দ্রৰ বহু মূল্যৱান পাইপ ভস্মীভূত হয়৷

জানিব পৰা মতে, তাঁতিমাৰা গাঁৱৰ পাহাৰত কোনো দুষ্ট ব্যক্তিয়ে জুই জ্বলাই দিয়ে৷ এই জুইৰ লেলিহান শিখাই নিমিষতে সমগ্র অঞ্চলটো আগুৰি ধৰে৷ পিছত নীৰ নির্মল পৰিযোজনা পানী যোগান কেন্দ্রটোৰ চৌহদৰ ভিতৰতে পানী যোগান ধৰাৰ বাবে মজুত কৰি ৰখা প্লাষ্টিকৰ পাইপসমূহ দাওদাওকৈ জ্বলিবলৈ ধৰে৷ ফলত সমগ্র গাঁওখন ক’লা ধোঁৱাই ছানি ধৰে৷ পিছত স্থানীয় ৰাইজে ঘটনা সন্দর্ভত প্রাগজ্যোতিষপুৰ আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে অগ্নিনির্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনির্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নুুমুৱাবলৈ সক্ষম হয় যদিও পানী যোগান কেন্দ্রটোৰ কেইবালাখ টকাৰ পাইপ জ্বলি নষ্ট হয়৷ তদুপৰি প্রাগজ্যোতিষপুৰ আঞ্চলিক ভূমি সংৰক্ষণ বিভাগৰ অধীনত থকা বহুকেইডাল মূল্যবান চেগুন গছ জ্বলি নষ্ট হয়৷

মন কৰিবলগীয়া যে অগ্নিনির্বাপক বাহিনী সময় মতে উপস্থিত নহ’লে অঞ্চলটোত ভয়াৱহ দুর্ঘটনা সংঘটিত হ’লহেঁতেন বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে৷

You might also like