নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামাখ্যাত ভণ্ড বাবা গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ কামাখ্যা মন্দিৰত বাহৰ পাতি ভক্ত–দর্শনার্থীৰ পৰা প্রৱঞ্চনাৰে লাখ লাখ টকা লুণ্ঠন কৰা এটা ভণ্ড বাবাক মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, লাল বাবা ডট কম নামৰ ৱেবছাইটৰ জৰিয়তে মা কামাখ্যা পূজাৰ সামগ্রী অনলাইনযোগে বিক্রীৰ নামত ভণ্ড বাবাই প্রৱঞ্চনাৰ জাল পেলাইছিল৷ ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে মহানগৰ আৰক্ষীয়ে কামাখ্যা মন্দিৰত অভিযান চলাই ভণ্ড লাল বাবাক গ্রেপ্তাৰ কৰে৷

দীর্ঘদিন ধৰি লাল বাবাই অনলাইনৰ জৰিয়তে কামাখ্যা মন্দিৰৰ পূজাৰ সামগ্রী ভক্ত–দর্শনার্থীক প্রৱঞ্চনাৰে বিক্রী কৰি আহিছিল৷

ইফালে, মন্দিৰ কর্তৃপক্ষই ভক্ত–দর্শনার্থীসক কামাখ্যা মন্দিৰ দর্শনৰ বাবে এনে অনলাইনৰ জৰিয়তে প্রৱঞ্চনাৰ জালত নপৰিবলৈ আহ্বান জনাইছে৷

You might also like