নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিৱর্তনৰ স্বার্থত এনপিপিক ভোট দিয়াৰ আহ্বান

পূব গুৱাহাটী সমষ্টিত ৰাজপ্রসাদ শইকীয়াৰ অন্তিম প্রচাৰ

নিয়মীয়া বাৰ্তা ৫ এপ্ৰিলঃ পূব গুৱাহাটী সমষ্টিত পৰিৱর্তন অনাৰ প্রতিশ্রুতিৰে তৃতীয় পর্যায়ৰ নির্বাচনী প্রচাৰ অভিযানৰ অন্তিম দিনটোত নেচনেল পিপলছ পার্টী (এনপিপি)ৰ প্রার্থী ৰাজপ্রসাদ শইকীয়াই দলীয় সমর্থকসকলক লগত লৈ ব্যাপক প্রচাৰ অভিযান চলায়৷ পূব গুৱাহাটী সমষ্টিৰ ৰাইজৰ প্রতি ঘৰতে বিশুদ্ধ খোৱাপানী যোগান ধৰা, বৈজ্ঞানিক পদ্ধতিৰে কৃত্রিম বান ৰোধ কৰা, যান–জঁটৰ সমস্যা সমাধান কৰা, জাবৰ–জোঁথৰ আঁতৰাই প্রদূষণমুক্ত গুৱাহাটী গঢ়ি তোলা আদি প্রতিশ্রুতি লৈ ৰাজপ্রসাদ শইকীয়াই আজি পুৱাৰে পৰা প্রচাৰ চলায়৷

সমষ্টিটোৰ চানমাৰি, শিলপুখুৰী, কালী মন্দিৰ, গুৱাহাটী কলেজ, ভঙাগড়, বিৰুবাৰী, তৰুণ নগৰ, জাপৰিগোগ আদি অঞ্চলত ৰাজপ্রসাদ শইকীয়াই আজি সমর্থকসকলক লৈ প্রচাৰ চলায়৷ প্রচাৰ অভিযানৰ অন্তত ৰাজপ্রসাদ শইকীয়াই কয়– ৰাইজে এইবাৰ পৰিৱর্তন বিচাৰিছে৷ সেয়ে পৰিৱর্তনৰ বাবে আৰু ৰাইজৰ সেৱা কৰিবলৈ ওলাই আহিছোঁ৷ সমষ্টিৰ ৰাইজে মোক সঁহাৰি দিব বুলি ভাবিছোঁ৷ সমষ্টিৰ ভোটাৰ ৰাইজক কিতাপৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ শইকীয়াই আহ্বান জনায়৷

You might also like