নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাপৰমুখত অবৈধ ব্যৱসায়ীৰ দপদপনিঃ চৰকাৰী ভূমি অবৈধ দখল কৰি ব্যৱসায়ীক প্ৰতিষ্ঠান স্থাপন

নিয়মীয়া বাৰ্তা ৫ এপ্ৰিলঃ নগাঁও জিলাৰ ৰহা ৰাজহচক্ৰৰ অন্তৰ্গত চাপৰমুখত চৰকাৰী ভূমিত অবৈধ দখলেৰে ব্যৱসায়ীক প্ৰতিষ্ঠান গঢ়ি তোলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় একাংশ ৰাইজৰ অভিযোগ মতে ৰহা-চাপৰমুখ সংযোগী ৰেলগে’টৰ পৰা চাপৰমুখ মাছ বজাৰৰ সমীপলৈকে বৃহত এলেকাত কিছু লোকে অবৈধ ভাৱে চৰকাৰী ভূমি দখল কৰি নিৰ্মাণ কৰিছে ব্যৱসায়ীক প্ৰতিষ্ঠান।

প্ৰাপ্ত তথ্য অনুসৰি ৰেলগে’টৰ পৰা পশ্চিম দিশলৈ অৰ্থাৎ ৰেলপথ আৰু গড়কাপ্তানি পথৰ মাজত  চাপৰমুখ কিচামৰ ৪৭,৪৮ আৰু ৪৯ নং দাগত প্ৰায় বহু পৰিমাণৰ মাটি আছে। কিন্তু ইয়াৰে ৪৭ নং দাগত থকা গড়কাপ্তানী বিভাগৰ প্ৰায় দহ বিঘা ভূমিত আজি কিছুদিনৰ পৰা একাংশ লোকে ইটা-বালিৰে স্থায়ী ভাৱে ব্যৱসায়ীক প্ৰতিষ্ঠান স্থাপন কৰাত অঞ্চলৰ সচেতন লোকৰ মাজত চৰ্চা চলিছে।

উল্লেখ্য যে, ৰহা-চাপৰমুখ পথৰ দক্ষিণ দিশে থকা চৰকাৰী ভূমিত শেহতীয়াকৈ প্ৰায় দহখন সৰু-বৰ ব্যৱসায়ীক প্ৰতিষ্ঠানে অতি সাহসেৰে(!) অবৈধ ভাৱে দখল কৰা কাৰ্যক সহজে ল’ব পৰা নাই। তদুপৰি এই ঠাইৰ পৰা মাত্ৰ ডেৰশ মিটাৰ দূৰত্বত আছে চাপৰমুখ গাঁও পঞ্চায়তৰ কাৰ্যলয় আৰু এশমিটাৰ দূৰত্বত আছে চাপৰমুখ আৰক্ষী চকী।তেনে সত্বেও কেনেকৈ চৰকাৰী ভূমিত এইসকল ব্যৱসায়ীয়ে স্থায়ী ভাৱে গৃহ সাজিবলৈ সক্ষম হ’ল সেয়া অতি ৰহস্যজনক।

অন্যহাতে বিশেষ এক সূত্ৰৰ পৰা জানিব পৰামতে এইসমূহ ঠাইত স্থায়ী ব্যৱসায়ীক প্ৰতিষ্ঠান স্থাপন কৰিবলৈ স্থানীয় কোনো বিশেষ লোকে পৰোক্ষভাৱে সহায় কৰা বুলিও খবৰ আহিছে। পিছে চৰকাৰী ভূমি অবৈধ ভাৱে দখল কৰি ব্যৱসায়ীক প্ৰতিষ্ঠান স্থাপন কৰা কাৰ্য শীঘ্ৰে বন্ধ কৰি অবৈধ দখল উচ্ছেদ কৰিবলৈ স্থানীয় প্ৰশাসনক আহ্বান জনাইছে ৰাইজে।

You might also like