নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত চোৰাং কাঠৰ বেহা বেহাৰবাৰীত দুখন কাঠৰ দোকান ছীল বন বিভাগৰ

নিয়মীয়া বাৰ্তা, ১৮ জুলাই: মহানগৰীত চলিছে চোৰাং কাঠৰ বেহা৷ একাংশ ব্যৱসায়ীয়ে নীতি–বহির্ভূতভাৱে মহানগৰীৰ বজাৰত মেলি দিছে মূল্যৱান চোৰাং কাঠ৷ শনিবাৰে কালাপাহাৰ খণ্ড বন বিষয়াৰ কার্যালয়ে মহানগৰীৰ বেহাৰবাৰীত অভিযান চলাই নীতি–বহির্ভূতভাৱে মূল্যৱান কাঠ বিক্রী কৰাৰ অভিযোগত দুখন কাঠৰ দোকান ছীল কৰে৷ কালাপাহাৰ খণ্ড বন বিষয়াৰ কার্যালয়ৰ এক সূত্রই জনোৱা মতে বেহাৰবাৰীৰ এ–ৱান টিম্বার্ছ আৰু বজৰংবলী টিম্বার্ছ নামৰ কাঠৰ দোকান দুখনত ব্যৱসায়ী দুগৰাকীয়ে নীতি–বহির্ভূতভাৱে কাঠ বিক্রী কৰি আছিল৷ কালাপাহাৰ খণ্ড বন বিষয়াৰ কার্যালয়ে এই কথাৰ উমান পাই শনিবাৰে আৰক্ষীৰ সহযোগত কাঠৰ দোকান দুখনত অভিযান চলাই ছীল কৰে৷ পর্যাপ্ত নথি–পত্র বন বিভাগক যোগান ধৰিব নোৱাৰা পর্যন্ত দোকান দুখন খোলাৰ অনুমতি দিয়া নহ’ব বুলি বন বিভাগৰ এক সূত্রই সদৰী কৰে৷

উল্লেখ্য যে দোকান দুখনত প্রায় ৫০ লাখ টকাৰ মূল্যৱান কাঠ আছে৷ ইপিনে, মহানগৰীৰ সাতগাঁও থানাৰ অন্তর্গত বাঘৰবড়ী অঞ্চলতো একাংশ ব্যৱসায়ীয়ে চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলাই থকা বুলি অভিযোগ উঠিছে৷ এইক্ষেত্রত বন বিভাগে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like