নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি উকলিব যান–বাহনৰ নথিপত্র নবীকৰণৰ সময়সীমা

নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ কেন্দ্রীয় পথ পৰিবহণ মন্ত্রণালয়ে যোৱা ছেপ্টেম্বৰ মাহত শেষবাৰৰ বাবে বকেয়া কৰ আদায় দিয়াৰ চূডান্ত তাৰিখ ৩০ অক্টোবৰ বুলি ঘোষণা কৰে৷ এতিয়া চূডান্ত সময়সীমা আজি উকলি যাব৷ এই সন্দর্ভত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞা–পত্র) কার্যালয়ৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিয়া মতে, লকডাউনৰ বাবে পৰিবহণ খণ্ডটো নেতিবাচক প্রভাৱ পৰা বাবে কেন্দ্রীয় চৰকাৰে বকেয়া কৰ আদায়ৰ লগতে ম্যাদ উকলি যোৱা গাড়ী চালনাৰ অনুজ্ঞা–পত্র, পঞ্জীয়ন পত্র আৰু পথত চলাচল কৰাৰ অনুজ্ঞা–পত্র নবীকৰণৰ চূডান্ত সময়সীমা ৩০ অক্টোবৰ বুলি ইতিপূর্বে বাতৰিকাকত, টেলিভিছনকে ধৰি সংবাদ মাধ্যমৰ জৰিয়তে ঘোষণা কৰিছে৷ এই ঘোষণা অনুসৰি ২০২০ চনৰ ফেব্রুৱাৰী মাহৰ পিছত, অর্থাৎ লকডাউন ঘোষণা কৰাৰ পিছত কৰ আদায় দিবলৈ থকা বাহনৰ গৰাকীসকলকহে এই ৰেহাইৰ আওতাৰ ভিতৰত সামৰি লোৱা হৈছিল৷ ২০২০ চনৰ ফেব্রুৱাৰী মাহৰ আগৰ বকেয়া কৰ আদায় দিবলৈ থকাসকলক এই ৰেহাইৰ ভিতৰত সামৰি লোৱা হোৱা নাছিল৷ আনহাতে কেন্দ্রীয় চৰকাৰৰ নির্দেশনা অনুসৰি ৩০ অক্টোবৰৰ ভিতৰত যিসকল যান–বাহনৰ গৰাকীয়ে বিভাগক বকেয়া কৰ আদায় নিদিয়ে, তেওঁলোকৰ বিৰুদ্ধে পহিলা নৱেম্বৰৰ পিছত বিশেষ অভিযান আৰম্ভ কৰা হ’ব৷

You might also like