নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীৰ চৰকাৰী ভূমিত অবাধ বেদখল

নিয়মীয়া বাৰ্তা, ৮ মে: জাতি–মাটি–ভেটি আৰু মূলসুতিৰ খিলঞ্জীয়া অসমীয়াৰ স্বাভিমান ৰক্ষাৰ প্রতিশ্রুতিৰে একেৰাহে বিজেপি নেতৃত্বাধীন মিত্রজেজাটৰ চৰকাৰখনে দুবাৰকৈ শাসনলৈ আহিলেও ৰাজ্যৰ আন অঞ্চলটো বাদেই খোদ গুৱাহাটী মহানগৰীৰ জালুকবাৰী সমষ্টিত অব্যাহত আছে একাংশ ভূ–মাফিয়াৰ দৌৰাত্ম্য৷ বিশেষকৈ বিগত ফেব্রুৱাৰী মাহৰ শেষৰ পিনে নির্বাচনী অধিসূচনা জাৰি কৰাৰ পিছত প্রশাসনযন্ত্র নির্বাচনক লৈ ব্যস্ত হৈ পৰাৰ সুযোগত জালুকবাৰীৰ পৰা শৰাইঘাট দলং সংযোগী পথ আৰু ৰে’লপথৰ মাজত থকা উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ সংৰক্ষিত ভূমি আৰু অসম চৰকাৰৰ ৰাজহ বিভাগৰ সংৰক্ষিত ভূমিৰ ২৫ বিঘাতকৈ অধিক মূল্যৱান ভূমি বেদখল কৰে ভূ–মাফিয়া চক্রটোৱে৷ আনকি বিগত দিনকেইটাত চলি থকা ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ সুযোগ লৈ নিত্য নতুন কৌশলেৰে বেদখল কার্য অব্যাহত ৰাখিছে ভূ–মাফিয়া চক্রটোৱে৷ এই সন্দর্ভত জালুকবাৰী অঞ্চলৰ সচেতন লোকসকলে জানিবলৈ দিয়া মতে, বিগত বর্ষৰ লকডাউনৰ পূর্বে উত্তৰ–পূব সীমান্ত ৰে’লৱে কর্তৃপক্ষই কামৰূপ মহানগৰ জিলা প্রশাসনৰ সহযোগত তাত বেদখল হোৱা ৰে’লৱেৰ প্রায় ১৩ বিঘা মাটিত উচ্ছেদ অভিযান চলাই বেদখলমুক্ত কৰিছিল৷ কিন্তু উচ্ছেদ অভিযান চলায়েই দায়িত্ব সামৰাত আৰু তাত কাঁটাতাঁৰৰ বেৰ দি সংৰক্ষিত নকৰাত মাফিয়া চক্রটোৱে পুনৰ বেদখল কৰে৷ আনকি ৰে’লৱেৰ মাটিৰ লগতে থকা ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰো মূল্যৱান প্রায় ১২ বিঘা মাটি বেদখল কৰে মাফিয়া চক্রটোৱে৷ ইতিমধ্যে বেদখলকাৰী চক্রটোৱে তাত ১০০ৰো অধিক ঘৰ সাজি সন্দেহজনক নাগৰিকক ভাৰালৈ দি ৰমৰমীয়া বেহা চলাই আছে৷ আনকি মাফিয়া চক্রটোৱে চৰকাৰী মাটিত শক্তি বিভাগ তথা অসম শক্তি বিতৰণ নিগম লিমিটেড, চমুকৈ এপিডিচিএলৰ জৰিয়তে তাত কৌশলেৰে বিদ্যুৎ সংযোগ দিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে জালুকবাৰী আৰক্ষী চকীৰ অন্তর্গত উক্ত স্থানখিনি প্রতিৰক্ষাৰ দিশত অত্যন্ত গুৰুত্বপূর্ণ বুলি পৰিচিত শৰাইঘাট দলঙৰ সুৰক্ষাৰ বাবে ১৯৬২ চনৰ পৰা সংৰক্ষিত কৰি ৰাখিছিল৷ শৰাইঘাটৰ উত্তৰ দিশে আমিনগাঁৱত থকা সংৰক্ষিত স্থানখিনি অদ্যাপি সংৰক্ষিত হৈ থকাৰ বিপৰীতে দক্ষিণ দিশৰ স্থানখিনি ভূ–মাফিয়াই বেদখল কৰিবলৈ সাহস কৰিব পৰা ঘটনাই সচেতন নাগৰিকক চিন্তিত কৰি তুলিছে৷ যাৰবাবে শৰাইঘাট দলঙৰ দৰে ৰাষ্ট্রীয় সুৰক্ষাৰ লগত জডিত সংৰক্ষিত মাটিখিনিত উচ্ছেদ চলাই বেদখলমুক্ত কৰিবলৈ জালুকবাৰী অঞ্চলৰ সচেতন নাগৰিকসকলে দাবী জনাইছে৷

You might also like