নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচিং যোৰাবাটত বনৰীয়া হাতীৰ মুক্ত বিচৰণত শংকিত স্থানীয় বাসিন্দা

নিয়মীয়া বাৰ্তা ৭ জুনঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ পার্শ্বৱর্তী এলেকা আমচিং যোৰাবাটত শিশু নিধনকাৰী বনৰীয়া হাতী জনবসতি অঞ্চলত দেওবাৰে মুক্ত বিচৰণ কৰাত ৰাইজৰ মাজত আতংক বিৰাজ কৰে৷ আজি পুৱাৰ ভাগত শিশু হত্যাকাৰী প্রকাণ্ড দঁতাল হাতীটোৱে খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা আমচিং যোৰাবাটৰ জনবসতি অঞ্চলত প্রৱেশ কৰে৷ হাতীটো প্রৱেশ কৰাৰ লগে লগে অঞ্চলটোৰ ৰাইজৰ মাজত আতংক বিৰাজ কৰে৷ বনৰীয়া দঁতাল হাতীটোৱে কোনো ক্ষতিসাধন নকৰাকৈ জনবসতি অঞ্চলৰ পৰা ৰাজপথলৈ ওলাই আহি নাৰেংগী সেনা শিবিৰ অভিমুখে ৰাওনা হয়৷ নাৰেংগী সেনা শিবিৰৰ ভিতৰত প্রৱেশ কৰি পুনৰ আমচাং অভয়াৰণ্যৰ ভিতৰলৈ সোমাই যায়৷ ইপিনে, হাতীটোৰ আক্রমণত আহত হোৱা ডেৰ বছৰীয়া শিশুটি ক্রমাৎ সুস্থ হৈ উঠিছে বুলি চিকিৎসকে জানিবলৈ দিছে৷ আনহাতে, হাতীৰ আক্রমণত নিহত আৰু আহত হোৱা পৰিয়ালটোৰ আমচিং যোৰাবাটৰ বাসভৱনত উপস্থিত হৈ আমচিং যোৰাবাট গাঁও পঞ্চায়তৰ সভানেত্রী কল্পনা বৰাই অৱস্থাৰ বুজ লৈ আর্থিক সাহায্য আৰু খাদ্য সামগ্রী যোগান ধৰে৷

উল্লেখ্য যে শনিবাৰে পুৱতি নিশা মহানগৰীৰ সাতগাঁও থানাৰ অন্তর্গত আমচিং চাহ বাগিচাখনত থকা জীৱন কুৰুৱা নামৰ ব্যক্তিজনৰ ঘৰত এটি বন্য হস্তীয়ে আক্রমণ কৰে৷ আক্রমণত থিতাতে নিহত হৈছিল এটি শিশু আৰু আন এটি শিশু গুৰুতৰভাৱে আহত হৈছিল৷ আহত শিশুটিক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰিছিল৷ জানিব পৰা মতে, শনিবাৰে নিশা প্রায় ১২.৩০ মান বজাত আমচাং অভয়াৰণ্যৰ পৰা ওলাই অহা এটা হাতীয়ে প্রথমে জীৱন কুৰুৱা নামৰ ব্যক্তিজনৰ ঘৰৰ চৌহদত থকা বেৰা ভঙাৰ পিছত জীৱন কুৰুৱা আৰু পত্নীয়ে নিজ দুই সন্তানক লৈ ঘৰৰ পৰা পলাবলৈ চেষ্টা কৰিছিল৷ পলাই গৈ থকা অৱস্থাতে বন্যহস্তীটোৱে অতর্কিতে আক্রমণ কৰে পৰিয়ালটোক৷ ফলত জীৱন কুৰুৱা আৰু তেওঁৰ পত্নীয়ে দৌৰিবলৈ ধৰাত হাতীটোৰ গচকত পৰিয়ালটোৰ ডাঙৰজন লৰা মাধৱ কুৰুৱা (১১) থিতাতে নিহত হয় আৰু কণমানি ডেৰ বছৰীয়া শিশু ছানী কুৰুৱা আহত হৈছিল৷ পিছত বন্যহস্তীটো আঁতৰি যোৱাৰ পিছত পৰিয়ালৰ লগতে স্থানীয় লোকসকল তাত উপস্থিত হয় আৰু আহত তথা সংকটজনক অৱস্থাত থকা ছানী কুৰুৱাক পুৱাৰ ভাগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্রেৰণ কৰিছিল৷

পৰৱর্তী সময়ত পুৱাৰ ভাগত বন বিভাগৰ লোক আৰু আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হয়৷ ৰাজ্যত এনেদৰেই এতিয়া বন্যহস্তীয়ে খাদ্যৰ সন্ধানত ওলাই আহি মানুহৰ লগতে স্থাৱৰ–স্থাৱৰ সম্পত্তিৰ বিস্তৰ ক্ষতি কৰিছে৷ উল্লেখ্য যে ৰাজ্যত হাতী–মানুহৰ সংঘাতে লৈছে ভয়াৱহ ৰূপ৷ প্রতিদিনেই ৰাজ্যৰ ভিন্ন প্রান্তত বনাঞ্চল তথা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাকে জনাঞ্চলত প্রৱেশ কৰি উপদ্রৱ কৰি আহিছে৷ ফলত ক্ষতি হৈছে বহুতো নিৰীহ মানুহৰ লগতে স্থাৱৰ–স্থাৱৰ সম্পত্তি৷

You might also like