নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙানদীত পানী এৰি বাৰে বাৰে বিপদ মাতি আনিছে নীপকোৱে

নিয়মীয়া বাৰ্তা ৭ জুনঃ বাৰিষা অহা মানেই লখিমপুৰবাসীৰ বাবে ভয়ানক হৈ পৰে ৰঙানদী৷ ৰাইজক বিপদলৈ ঠেলি দিয়ে নীপকোৱে৷ কাৰণ বাৰিষাৰ লগে লগেই নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্রকল্পৰ ৰিজার্ভাৰৰ পৰা বৃহৎ পৰিমাণৰ অতিৰিক্ত জলাধাৰ ৰঙানদীত এৰি দিয়ে আৰু ইয়াৰ লগে লগে তাণ্ডৱ সৃষ্টি কৰে নৈখনৰ বাঢ়নী পানীয়ে৷ চলিত বর্ষতো যোৱা ৫ জুনত অৰুণাচলৰ ইয়াজুলিস্থিত ৰঙানদী জলবিদ্যুৎ প্রকল্পৰ পৰা প্রায় ৬ ঘণ্টা ধৰি ৪০০০ এম এম অতিৰিক্ত পানী ৰিজার্ভাৰৰ পৰ ৰঙানদীত এৰি দিয়াত উটুৱাই নিছিল পাঁচনৈ সংযোগী দলংখন৷ ইয়াৰ উপৰি জলমগ্ণ কৰি তোলে পাঁচনৈৰ পৰা আমতলালৈকে ২০খনৰো অধিক গাঁও৷ এইবাৰ নীপকোৰ এনে কাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে লখিমপুৰৰ বিধায়ক মানৱ ডেকা৷ বি

ধায়কগৰাকীয়ে নীপকোৰ এনে কাণ্ড নিয়ন্ত্রণ কৰিবৰ বাবে মুখ্যমন্ত্রীৰ ওচৰত আবেদন জনাইছে৷ বিধায়কগৰাকীয়ে প্রকাশ কৰা অনুসৰি মুখ্যমন্ত্রীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈছে আৰু অচিৰেই নীপকো কর্তৃপক্ষক নিয়ন্ত্রণৰ ব্যৱস্থা হাতত লোৱাৰ আশ্বাস দিছে৷ বিধায়ক মানৱ ডেকাই মুখ্যমন্ত্রীৰ পৰা লাভ কৰা আশ্বাসৰ বিষয়ে টুইটাৰযোগে প্রকাশ কৰাৰ পাছতে সৰৱ হৈ পৰিছে নীপকো৷ বিধায়কগৰাকীৰ টুইটৰ প্রতিক্রিয়া প্রকাশ কৰি নীপকোৱে আন এক টুইটৰ জৰিয়তে কয় যে চুক্তি অনুসৰি অতিৰিক্ত পানী এৰাৰ আগত লখিমপুৰ জিলা প্রশাসনক অৱগত কৰা হৈছে আৰু গাঁওবাসীক সজাগ কৰিবলৈ চাইৰেন বজোৱা হৈছে৷ কিন্তু ৰাইজৰ প্রশ্ণ হ’ল যে কেৱল জাননী দি বৃহৎ পৰিমাণৰ পানী ৰঙানদীত এৰি দিলেই নীপকোৰ দায়িত্ব শেষ নেকি? নামনি অংশৰ ৰাইজৰ জীৱন–সম্পত্তিৰ ক্ষতিৰ দায়িত্ব নীপকোৱে কিয় গ্রহণ নকৰিব?

ইফালে, জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই দেওবাৰে বিহপুৰীয়াৰ গৰাখহনীয়া পৰিদর্শন কৰি সাংবাদিকৰ আগত প্রকাশ কৰা অনুসৰি নীপকোৰ লগত অচিৰেই আলোচনা কৰি ৰঙানদীৰ বানৰ সমস্যা দূৰ কৰা হ’ব৷ তেওঁ কয় যে নীপকোৱে মানুহৰ অনিষ্ট কৰাকৈ নিয়ম–নীতি নমনাকৈ পানী এৰিব নোৱাৰিব৷ ৰাইজক বিদ্যুৎ শক্তি লাগিব, কিন্তু তাৰ লগতে ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰিব লাগিব৷

উল্লেখ্য যে বিগত বর্ষসমূহত ৰঙানদীত নীপকোৱে অতিৰিক্ত পানী এৰি দিয়াৰ বাবে লখিমপুৰ জিলাৰ নামনি অংশৰ ৰাইজৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে কেইবাজনো লোকে প্রাণ হেৰুৱাব লগা হৈছে৷ ইমানৰ পাছতো নামনি অংশৰ ৰাইজৰ নিৰাপত্তা বা ক্ষয়ক্ষতিৰ দায়িত্ব ল’ব বিচৰা নাই নীপকোৱে৷ আজি নীপকোৰ তৰফৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে লখিমপুৰৰ দ্রুত বানৰ কাৰণেNEEPCO দায়ী নহয়৷ ৰঙানদী প্রকল্প নির্মাণৰ পূর্বেও লখিমপুৰ বানৰ কবলত পৰিছিল৷ প্রকল্পটো নথকা হ’লেও প্রবল বৰষুণৰ ফলত সিমান পৰিমাণৰ পানী নামনিমুৱা সমতললৈ বৈ গ’লহেঁতেন৷ আজি প্রেছ বিজ্ঞপ্তি জাৰি কৰি এই স্পষ্টীকৰণ দি প্রতিষ্ঠানটোৱে আৰু কয় যে ৰঙানদী জলবিদ্যুৎ প্রকল্প একRun Over the River Plant আৰু ইয়াৰ পানী সঞ্চয় ক্ষমতা যথেষ্ট কম৷ গতিকে বৰষুণৰ ফলত প্রাপ্ত পানী ৰিজার্ভাৰসমূহে এটা পর্যায়লৈহে গ্রহণ কৰিব পাৰে, সেয়ে অতিৰিক্ত পানী গেটেৰে উলিয়াই দিব লগা হয়৷

নামনিৰ ৰাইজৰ সমস্যাক ভেঙুচালি কৰি নীপকোৱে বিবৃতিটোত আৰু কয় যে প্রতিষ্ঠানটোৱে নদীখনৰ পানী বৈ যোৱাৰ দিশ সলনি কৰি প্রবল বান প্রতিহত কৰাতহে অৱদান আগবঢ়াইছে৷ ৰঙানদী বান্ধৰ পৰা পানী মুকলি কৰাৰ কাৰণে লখিমপুৰ দ্রুত বানৰ কবলত পৰে বুলি সদায় একাংশই ভুল ব্যাখ্যা দি আছে বুলিও উল্লেখ কৰা হয় প্রেছ বিজ্ঞপ্তিটোত৷ প্রতিষ্ঠানটোৰ মতে, ৰঙানদীৰ বহু উপনৈ আছে, যিবোৰেদি বৰষুণৰ পানী সমতললৈ বৈ আহে৷ যোৱা ৫ জুনতো বৰষুণৰ কাৰণে ৰঙানদীৰ ওপৰৰছোৱাত দ্রুত বান হোৱাত তেনে পৰিস্থিতিৰ উদ্ভৱ হয় আৰু সকলোSOP পালন কৰি জিলা প্রশাসনক অৱগত কৰি পানী এৰি দিয়া হৈছিল বুলি মন্তব্য কৰে নীপকোৱে৷ নীপকোৰ এনে বিবৃত্তিয়ে লখিমপুৰৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ প্রতি প্রতিষ্ঠানটোৰ মাহীআইৰ দৃষ্টিকে পুনৰ প্রতীয়মান কৰিলে৷ শক্তি উৎপাদক কোম্পানীটোৰ এনে স্থিতিৰ বিৰুদ্ধে অসম চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে ৷

You might also like