নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম গুৱাহাটীত কংগ্রেছৰ প্রার্থিত্বক লৈ উৎকণ্ঠা বৃদ্ধি

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ ৰাজ্যৰ আন বহু সমষ্টিৰ দৰে ৫৪নং পশ্চিম গুৱাহাটী বিধানসভা নির্বাচনত কোনটো দল, মিত্রজোঁট বা মহাজোঁটে কাক দলীয় প্রার্থিত্ব প্রদান কৰিব, তাক লৈ ৰাজনৈতিক মহলত উৎকণ্ঠা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ বিশেষকৈ অগপ–বিজেপি মিত্রজোঁটেবর্তমানৰ্ অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাকে পুনৰ প্রার্থিত্ব দিব বুলি ওলোৱা খবৰৰ পিছত সকলোৱে দৃষ্টি নিক্ষেপ কৰিছে কংগ্রেছ দললৈ৷ কংগ্রেছ দলৰ পৰা সমষ্টিটোত প্রাক্তন সাংসদ দ্বিজেন শর্মা, সংগীতকাৰ বাবু বৰুৱা, লক্ষ্মণ ৰাভাকে ধৰি সাতজনমানে প্রার্থিত্বৰ বাবে আবেদন কৰিছে৷ অৱশ্যে যোৱাবাৰ প্রতিদ্বন্দ্বিতা আগবঢ়োৱা ড০ জুৰি শর্মা বৰদলৈয়ে এইবাৰ প্রার্থিত্বৰ বাবে আবেদন কৰা নাই বুলি জানিব পৰা গৈছে৷

লক্ষণীয়ভাৱে সমষ্টিটোৰ জনবিন্যাস আৰু ভোটাৰৰ গাঁথনি অনুসৰি অগপ বা বিজেপি দুয়োটা দলৰ যিকোনো এটাই প্রতিদ্বন্দ্বিতা আগবঢ়ালে জিকাৰ সম্ভাৱনা আছে বুলি ৰাজনৈতিক সমীক্ষকসকলে মত ব্যক্ত কৰিছে৷ কিন্তু যদিহে অগপ আৰু বিজেপি দুয়োটা দলে সমানে প্রতিদ্বন্দ্বিতা কৰে, তেন্তে ভোট বিভাজন হৈ কংগ্রেছ দলৰ প্রার্থী বিজয়ী হোৱাৰ সম্ভাৱনা আছে৷ যাৰ বাবে অগপ–বিজেপি নেতৃত্বাধীন মিত্রজোঁটে যিকোনো মূল্যৰ বিনিময়ত পশ্চিম গুৱাহাটী সমষ্টিটো হাতত ৰখাৰ স্বার্থতে নিকা ভাবমূর্তিৰ বুলি পৰিচিত আৰু সকলোৰে মাজত গ্রহণযোগ্যতা থকা অগপৰ ৰমেন্দ্র নাৰায়ণ কলিতাকে পুনৰ প্রার্থিত্ব প্রদানৰ বাবে চূডান্ত সিদ্ধান্ত গ্রহণ কৰিছে৷ ইপিনে মহাজোঁটৰ প্রার্থীক লৈ ভোটাৰৰ মাজত উৎকণ্ঠা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ কংগ্রেছ দলৰ কর্মীসকলৰ মাজতো কাক দলীয় টিকট প্রদান কৰা হ’ব, সেই লৈ চর্চা হোৱা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে সমষ্টিটোত বিজেপি দলৰ হৈ বিজয় গুপ্তা, দেৱান ধ্রুৱজ্যোতি মৰল, মুকুটা ডেকা, অশোক কুমাৰ ভৰালীয়ে সামাজিক কাম–কাজৰ মাজেৰে ৰাইজৰ মাজত দলটোক লৈ যোৱাৰ প্রয়াস অব্যাহত ৰাখিছিল৷

You might also like