নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গড়চুকত ৬৯০ কার্টন চুৰি মিঠাতেল জব্দ

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ মহানগৰীৰ গড়চুক আৰক্ষীয়ে বুধবাৰে পশ্চিম বৰাগাঁৱৰপৰা ৬৯০ কার্টন চুৰি মিঠাতেলসহ এখন ট্রাক জব্দ কৰে৷ আৰক্ষী সূত্রে জানিব পৰা মতে ভৰলুৰ হিমাংশু কাশ্যপ বর্মন নামৰ লোকজনে এ এছ ০১ টি–৮৯৮৬ নম্বৰৰ এখন ট্রাকত ৭০০ কার্টন মিঠাতেল আজাৰা ৰে’লৱে য়ার্ডৰ পৰা আনিছিল৷ কিন্তু ট্রাকৰ চালকে মিঠাতেলখিনি ব্যৱসায়ীজনক পামহিত থকা গুদামত নমোৱাৰ বিপৰীতে পশ্চিম বৰাগাঁৱৰ এটা গুদামত নমাই থাকোঁতে আৰক্ষীয়ে জব্দ কৰে৷

You might also like