নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গড়চুকত ৫০ কেজি গাঞ্জাসহ ধৃত ১

নিয়মীয়া বাৰ্তা ৩ জুনঃ নিচাজাতীয় সামগ্রীৰ বিৰুদ্ধে অব্যাহত আছে মহানগৰ আৰক্ষীৰ অভিযান৷ আজি মহানগৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ সহযোগত গড়চুক আৰক্ষীয়ে প্রায় ৫০ কিলোগ্রাম গাঞ্জাসহ এজন ব্যৱসায়ীক গ্রেপ্তাৰ কৰে৷ ধৃত গাঞ্জা ব্যৱসায়ীজন দ্বীপেন বড়ো বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে ব্যৱসায়ীজনে গড়চুকৰ মইনাখোৰঙৰ এটা পৰিত্যক্ত গুদামত ব্যৱসায়ী বড়োৱে গাঞ্জাখিনি বস্তাত ভৰাই ৰাখিছিল৷ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গোপন সূত্রৰ পমখেদি গাঞ্জাসহ ব্যৱসায়ীজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে গড়চুক থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে জব্দ কৰা গাঞ্জাখিনিৰ বজাৰ মূল্য লক্ষাধিক টকা বুলি জানিব পৰা গৈছে৷

You might also like