নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্রাগ্ছ আসক্তক ঘৰতে চিকিৎসা প্রদান

নিয়মীয়া বাৰ্তা ৩ জুনঃ যি সময়ত ড্রাগ্ছৰ বিৰুদ্ধে চৰকাৰ তথা প্রশাসনে অভিযান অব্যাহত ৰাখিছে ঠিক সেই সময়তে ড্রাগ্ছৰ বিৰুদ্ধে ওলাই আহিছে মহানগৰীৰ আন একাংশ সচেতন লোক৷ এইবাৰ ড্রাগ্ছবিৰোধী অভিযানত খাৰঘুলিৰ ছায়া বৰা নামৰ মহিলাগৰাকীয়ে পুত্র ৰঞ্জন বৰাৰ লগত লগ হৈ এইপর্যন্ত নিচামুক্ত কৰিছে শতাধিক ড্রাগ্ছ আসক্তক৷ খাৰঘুলিস্থিত নিজৰ ঘৰতে ড্রাগ্ছ মুক্তি কেন্দ্র খুলি মাতৃ–পুত্রই কৰিছে এই অভিনৱ পদক্ষেপ৷

উল্লেখ্য যে কিছুদিন পূর্বে ফেইথ নামৰ এটা স্বেচ্ছাসেৱী সংগঠন খুলি নিজৰ ঘৰতে ছায়া বৰা আৰু পুত্র ৰঞ্জন বৰাই চলাইছে এখন যুদ্ধ৷ য’ত নিচামুক্ত কেন্দ্রলৈ আহি সুস্থ হৈছে মহানগৰীৰ বহু আভিজাত্য পৰিয়ালৰ সন্তান৷আজিৰ দিনটোতো এই পর্যন্ত খাৰঘুলিৰ বাসগৃহত ১০ৰ পৰা ১৫জনকৈ যুৱকক নিজৰ ঘৰতে ৰাখি মাতৃ–পুত্রই নিচামুক্ত কৰাৰ প্রয়াস অব্যাহত ৰাখিছে৷ লক্ষণীয় যে পুত্র ৰঞ্জন বৰাই ৪ বছৰ পূর্বে আছিল ড্রাগ্ছ আসক্ত৷ তাৰ পিছতে ড্রাগ্ছ লোৱা পৰিহাৰ কৰি যুৱকজনে আৰম্ভ কৰিছে এই ড্রাগ্ছবিৰোধী পদক্ষেপ৷

নিজে কিদৰে ড্রাগ্ছ এৰি আন আন নিচাসক্ত যুৱকসকলকো সুস্থিৰ কৰিব পাৰি সেই কামত এতিয়া ব্যস্ত হৈ আছে ৰঞ্জন বৰা৷ উল্লেখ্য যে ৰে’ল ষ্টেচন, গুৱাহাটীৰ পদপদত নিচাসক্ত হোৱাসকলক মূলসুঁতিলৈ ঘূৰাই অনাৰ উদ্দেশ্যৰে এতিয়া মাতৃ–পুত্রই কৰি গৈছে এই সেৱা৷ ফলত ড্রাগ্ছৰ দৰে মাৰাত্মক ব্যাধিৰ কবলৰ পৰা সুস্থ হৈ মূলসুঁতিলৈ ঘূৰি আহিছে বহু বিপথগামী যুৱক৷ সঁচাকৈ ড্রাগ্ছৰ বিৰুদ্ধে মাতৃ–পুত্রৰ এই পদক্ষেপ নিঃসন্দেহে প্রশংসনীয়৷

You might also like