নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰত টিকটক ষ্টাৰক গুলিয়াই হত্যা

বিশেষ বাৰ্তা, ২৬ মেঃ জম্মু-কাশ্মীৰৰ বুডগাম জিলাত বুধবাৰে সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে ৩৫ বছৰীয়া ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী মহিলা এগৰাকীক। এই আক্ৰমণত মহিলা গৰাকীৰ ভতিজা এজনো আহত হয়। লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে, সন্ধিয়া প্ৰায় ৭.৫৫ বজাত সন্ত্ৰাসবাদীয়ে আমৰিন ভাট নামৰ মহিলাগৰাকীক তেওঁৰ ঘৰত গুলীয়াই হত্যা কৰে। আহত অৱস্থাত তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। টিকটক শিল্পী আৰু টিভি তাৰকা আছিল আমৰিন। ঘটনাটোত আমৰিনৰ ভতিজা ফাৰহান জুবাইৰো আহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। যোৱা ২৪ ঘণ্টাৰ ভিতৰত এইটো দ্বিতীয়টো আক্ৰমণ। ইয়াৰ আগদিনা শ্ৰীনগৰত এজন আৰক্ষীক সন্ত্ৰাসবাদীয়ে নিজৰ ঘৰৰ বাহিৰত গুলীয়াই হত্যা কৰে।

You might also like