নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গান্ধী পৰিয়ালৰ বিৰুদ্ধে মুকলি বিদ্রোহ জ্যেষ্ঠ কংগ্রেছীৰ

কংগ্রেছ ৱর্কিং কমিটীৰ বৈঠকত সভাপতি পদক লৈ তীব্র বাক্–বিতণ্ডা

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ নিখিল ভাৰত কংগ্রেছ কমিটীৰ সিদ্ধান্ত গ্রহণকাৰী চিডব্লিউচিৰ বৈঠকত সভাপতিৰ পদক লৈ তীব্র বাক্–বিতণ্ডাৰ সৃষ্টি হয়৷ কংগ্রেছৰ সিদ্ধান্ত গ্রহণকাৰী চিডব্লিউচিৰ বৈঠকত গান্ধী পৰিয়ালৰ বিৰুদ্ধেও মুকলি বিদ্রোহ একাংশ জ্যেষ্ঠ কংগ্রেছীৰ৷ দলটোৰ অন্তর্ৱর্তীকালীন সভানেত্রী হিচাপে দায়িত্ব গ্রহণ কৰি থকা ছোনিয়া গান্ধীৰ কার্যকাল ফেব্রুৱাৰীত সামৰণি পৰাৰ পূর্বে শুকুৰবাৰে সভাপতিক লৈ চিডব্লিউচিৰ বৈঠকত বিতং আলোচনা কৰা হয়৷ এই আলোচনাৰ সময়ত চিডব্লিউচিৰ সদস্যসকলৰ মাজত সভাপতিক লৈ তীব্র বাক্–বিতণ্ডা হয়৷ একাংশই গান্ধী পৰিয়ালৰ সদস্যই সভাপতি হিচাপে থকাৰ পক্ষত যুক্তি প্রদর্শন কৰে যদিও আন একাংশই গান্ধী পৰিয়ালৰ বিৰুদ্ধে গৈ নির্বাচনৰ জৰিয়তে সভাপতি নির্বাচনত প্রাধান্য দিয়ে৷ এই লৈ চিডব্লিউচিত দুটা ফৈদৰ মাজত বাক্–বিতণ্ডাৰ ফলত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়৷ অনেক যুক্তিতর্কৰ মাজত চিডব্লিউচিৰ বৈঠকত অৱশেষত অহা জুনৰ ভিতৰত আভ্যন্তৰীণ নির্বাচনৰ জৰিয়তে সভাপতি নির্বাচিত কৰাৰ সিদ্ধান্তত উপনীত হয়৷ চলিত বর্ষত পশ্চিমবংগ, তামিলনাডু, অসম, কেৰালা আৰু পডুচেৰীৰ বিধানসভা নির্বাচন সমাপ্ত হৈ যোৱাৰ পাছতেই জুনৰ ভিতৰত দলটোৰ পূর্ণকালীন সভাপতি নির্বাচিত কৰা হ’ব বুলি ৰাষ্ট্রীয় সাধাৰণ সম্পাদক কে চি ভেনুগোপালে সদৰী কৰে৷

সভাপতি পদক লৈ চলা আলোচনাৰ মাজতেই জ্যেষ্ঠ কংগ্রেছী নেতা তথা ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলট আৰু জ্যেষ্ঠ কংগ্রেছী আনন্দ শর্মাৰ মাজত বাক্–বিতণ্ডা চলে৷ দলৰ সভাপতি পদৰ বাবে শীঘ্রে নির্বাচনৰ দাবী তোলাসকলক কটাক্ষ কৰি অশোক গেহলটে কয়– দলে আমাক বহুত দিছে৷ আজি আমি য’ত আছোঁ কংগ্রেছৰ কাৰণেই আছোঁ৷ এই মন্তব্যৰে পৰোক্ষভাৱে গেহলটে গান্ধী পৰিয়ালৰ মাজতেই সভাপতিৰ পদটো থাকিব লাগে বুলি মত প্রকাশ কৰাৰ পাছতেই জ্যেষ্ঠ কংগ্রেছী আনন্দ শর্মাই গেহলটক আক্রমণ কৰি কয় যে তেওঁলোকেও দলটোত অনেক অৱদান আগবঢ়াই আহিছে৷ বিগত ৪২ বছৰ ধৰি দললৈ অৱদান আগবঢ়াইছে৷ অর্থাৎ আনন্দ শর্মাই এই কথাৰ ইংগিত দিয়ে যে দলৰ যিকোনো জ্যেষ্ঠ কর্মীয়েই কংগ্রেছৰ সভাপতি পদটোৰ বাবে যোগ্য৷

তাৎপর্যপূর্ণ যে ২০১৯ চনত নির্বাচনত পৰাজয়ৰ বাবেই সভাপতি ৰাহুল গান্ধীয়ে পদত্যাগ কৰাৰ পাছত একাংশ জ্যেষ্ঠ কর্মীৰ আহ্বানত ছোনিয়া গান্ধীয়ে অন্তর্ৱর্তীকালীন সভানেত্রীৰ দায়িত্ব গ্রহণ কৰিছিল৷ তেতিয়াৰ পৰা কেইবাখনো বৈঠকত একাংশই পুনৰ ৰাহুল গান্ধীক সভাপতি পদত অধিষ্ঠিত হোৱাটো বিচাৰিছে যদিও একাংশই নির্বাচনৰ জৰিয়তে সভাপতি নির্বাচন কৰিব লাগে বুলি প্রকাশ কৰি আহিছে৷ গান্ধী পৰিয়ালৰ মাজতে সভাপতিৰ পদটো ৰখাৰ বাবে একাংশই চেষ্টা কৰি থকাৰ বিপৰীতে ২৩গৰাকী জ্যেষ্ঠ কংগ্রেছীয়ে বিগত বর্ষৰ আগষ্ট মাহত অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীলৈ পত্র প্রেৰণ কৰি পূর্ণাংগ আৰু দূৰদৃষ্টিসম্পন্ন নেতৃত্বৰ দাবী তুলিছিল৷ কার্যতঃ ২৩ জ্যেষ্ঠ কংগ্রেছীয়ে নির্বাচনৰ যোগেদি কংগ্রেছৰ সভাপতি পতাটোক গুৰুত্ব দিছিল৷ দলৰ শীর্ষ নেতৃত্ব তথা গান্ধী পৰিয়ালৰ বিৰুদ্ধে মুকলিলৈ ক্ষোভ উজৰা ২৩ জ্যেষ্ঠ কংগ্রেছীক সৈমান কৰিবলৈ ছোনীয়া গান্ধীয়ে সাক্ষাৎ কৰিছিল কিন্তু বিশেষ ফলপ্রসূ নহ’ল৷ দলৰ সভাপতি নির্বাচনক লৈক্ষোভ উজৰা অসন্তুষ্ট জ্যেষ্ঠ কংগ্রেছীৰ ভিতৰত গোলাম নবী আজাদ, আনন্দ শর্মা, পি চিদাম্বৰম, পৃথ্বীৰাজ চৱন, কপিল ছিবাল, মনীষ তিৱাৰী আৰু মুকুল ৱাছনিক আছে৷ ছোনিয়া গান্ধীৰ অসুস্থতাৰ বাবে দল পৰিচালনাত অসুবিধাৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ ৰাহুল গান্ধীয়ে দায়িত্ব লোৱাৰ পৰা একাষৰীয়া হৈ থকাৰ ফলত দলটোত সৃষ্টি হোৱা অনিশ্চয়তাৰ পৰিপ্রেক্ষিততে চিডব্লিউচিৰ সদস্য একাংশ কংগ্রেছীয়ে শীঘ্রে সভাপতিৰ পদক লৈ নির্বাচন পতাৰ দাবী জনাই আহিছে৷ গান্ধী পৰিয়ালৰ অনুগত একাংশই ৰাহুল গান্ধীক পুনৰ সভাপতি পতাৰ পৰিকল্পনা চলাই থকাৰ সমান্তৰালকৈ একাংশই ৰাহুল গান্ধীৰ নেতৃত্বত দলটো নিশ্চিহ্ণ হৈ যোৱাৰ শংকাত আছে৷ দলৰ পূর্ণাংগ সভাপতি আৰু বিভিন্ন সমস্যাক লৈ আজি চিডব্লিউচি বৈঠকত আলোচনা হয় যদিও সভাপতি নির্বাচনক লৈ তীব্র বাক্–বিতণ্ডা চলে৷ অৱশ্যে অৱশেষত চিডব্লিউচিয়ে জুনৰ ভিতৰত দলে নির্বাচিত সভাপতি লাভ কৰিব বুলি সিদ্ধান্ত গ্রহণ কৰে৷ অর্থাৎ জুনৰ ভিতৰত দলৰ যিকোনো প্রকাৰে আভ্যন্তৰীণ নির্বাচনৰ জৰিয়তে সভাপতি নির্বাচন কৰাটো আজিৰ বৈঠকত নিশ্চিত কৰে৷

You might also like