নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ছবিগৃহলৈ ৰাজেন দাসৰ ‘লাইফ ইন এ পাপেট’

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ ৰাজেন দাস পৰিচালিত ‘লাইফ ইন এ পাপেট’ চলচ্চিত্রখনে শুকুৰবাৰে ৰাজ্যৰ ১০টা ছবিগৃহত মুক্তিলাভ কৰিব৷ বৃহস্পতিবাৰে গুৱাহাটী প্রেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে চলচ্চিত্রখনৰ পৰিচালক ৰাজেন দাসে৷

তেওঁ লগতে কয়, ‘অসমৰ জনজীৱনৰ সৈতে সংপৃক্ত তথা অসমৰ স্বাভিমানক প্রতিনিধিত্ব কৰা প্রাচীন লোককলা পুতলা নাচ আজি অনাদৃত, অৱহেলিত৷ অশেষ দুর্যোগ, সংগ্রাম আৰু আর্থিক দুৰৱস্থাৰ মাজতো পুতলা নাচৰ শিল্পীসকলে আজি পুতলা নাচক জীয়াই ৰখাৰ বাবে দুর্নিবাৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ পুতলা নাচৰ এই শিল্পীসকলৰ জীৱন সংগ্রাম আৰু লগতে অসমৰ পুতলা নাচক বিশ্ব প্রেক্ষাপটত প্রতিষ্ঠা কৰাৰ প্রয়াসেৰে পৰিচালক ৰাজেন দাসে নির্মাণ কৰি উলিয়াইছে অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’৷

২০২০ চনৰ ডিচেম্বৰ মাহত কেন্দ্রীয় ফিল্ম ব’ৰ্ডৰ চেঞ্চৰ চার্টিফিকেট লাভ কৰা চলচ্চিত্রখনে বিশ্বৰ চুকে–কোণে অসমৰ পুতলা নাচক বিগত এবছৰ ধৰি প্রদর্শন কৰি অসমৰ প্রাচীন লোককলা পুতলা নাচক উজ্জীৱিত কৰি আহিছে৷ বিগত কেইমাহত ‘লাইফ ইন এ পাপেট’–এ বিশ্বৰ ২০খন আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত মনোনয়ন লাভ কৰাৰ লগতে কেইবাখনো মহোৎসৱত শ্রেষ্ঠ চলচ্চিত্রৰ খিতাপ অর্জন কৰিবলৈ সক্ষম হৈছে৷ বিভিন্ন শিতানত প্রায় ৩০টা পুৰস্কাৰ লাভ কৰি চলচ্চিত্রখনে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

‘লাইফ ইন এ পাপেট’–এ ফ্রান্স, ইটালী, চিলি, গ্রেট ব্রিটেইন, চেক্ ৰিপাব্লিক, শ্লোভাকিয়া, ছুইডেন, আমেৰিকা যুক্তৰাষ্ট্র, ভাৰত আদি কেইবাখনো ৰাষ্ট্রৰ চলচ্চিত্র মহোৎসৱত অসমৰ পুতলা নাচক প্রতিষ্ঠা কৰি ৰাজ্যখনলৈ সুখবৰ কঢ়িয়াই আনিছে৷ শেহতীয়াভাৱে ৰাষ্ট্রসংঘৰ গুৰুত্বপূর্ণ সংস্থা ইউনেস্ক’ৰ নতুন দিল্লী কার্যালয়ে আয়োজন কৰা আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত ‘লাইফ ইন এ পাপেট’ মনোনীত হোৱাৰ লগতে বিশ্বজুৰি প্রদর্শিত হোৱাৰ সুযোগ লাভ কৰিছিল৷ ছবিখনত সংগীত পৰিচালনা কৰিছে ৰাষ্ট্রীয় পুৰস্কাৰপ্রাপ্ত কণ্ঠশিল্পী তৰালি শর্মাই৷ ছবিখনৰ সহকাৰী প্রযোজনাৰ দায়িত্ব গ্রহণ কৰিছে মীনাক্ষি দাসে৷ চলচ্চিত্রখনৰ মাধ্যমেৰে অসমৰ নতুন প্রজন্ময়ো অসমৰ পুতলা নাচ সন্দর্ভত এক সম্যক ধাৰণা ল’ব বুলি আশা কৰিছে৷

You might also like