নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যৱসায়ীৰ শিলাবর্ষণত আহত জিএমচিৰ নিৰাপত্তাৰক্ষী

নিয়মীয়া বাৰ্তা ১ মেঃ ক’ৰোনা মহামাৰীৰ দ্বিতীয় ঢ়ৌৱে সমগ্র দেশত ত্রাসৰ সৃষ্টি কৰিছে৷ ক’ভিড–১৯ত আক্রান্ত হৈ বিভিন্ন ৰাজ্যত নিতৌ শ শ লোক মৃত্যুমুখত পৰাৰ লগতে বহু লোক চিকিৎসাধীন হৈ আছে৷ ক’ৰোনা মহামাৰীৰ পৰা সংক্রমণ ৰোধ কৰাৰ বাবে চৰকাৰ প্রশাসনে স্বাস্থ্য বিভাগৰ নির্দেশনা অনুসৰি বিশেষ নীতি–নির্দেশনা জাৰি কৰি ৰাজ্যবাসীৰ সহযোগিতা কামনা কৰিছে৷ প্রশাসনৰ নির্দেশনা মানি ৰাজ্যবাসীয়ে ক’ৰোনা মহামাৰীৰ পৰা নিজৰ লগতে ৰাজ্যবাসীক ৰক্ষা কৰাৰ বাবে যুঁজ কৰি আছে৷ ক’ভিড প্রট’কলৰ লগতে প্রশাসনে জাৰি কৰা নৈশ সান্ধ্য আইন মানি এই মহামাৰীৰ ভয়াৱহ সংক্রমণ ৰোধ কৰিবলৈ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰবাসীয়েও প্রশাসনক সহযোগিতা আগবঢ়াইছে৷

কিন্তু ক’ৰোনাৰ হটস্পটত পৰিণত হোৱা গুৱাহাটী মহানগৰীত একাংশ মুনাফাখোৰ ব্যৱসায়ীয়ে ব্যৱসায়িক স্বার্থত প্রশাসনে জাৰি কৰা ক’ভিড প্রট’কল উলংঘা কৰি জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে৷ মহানগৰীৰ ডাউন টাউনত প্রশাসনৰ নির্দেশনা উলংঘা কৰি দোকান–পোহাৰ খোলা ৰখাক লৈ আজি এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ প্রশাসনৰ নির্দেশনাক উলংঘা কৰি সন্ধিয়া ছয় বজাৰ পাছতো ডাউন টাউনত একাংশ ব্যৱসায়ীয়ে খোলা ৰখা দোকান–পোহাৰ বন্ধ কৰিবলৈ আহ্বান জনোৱা জি এম চিৰ কর্মচাৰীলৈ অসাধু ব্যৱসায়ীয়ে শিলাবর্ষণ কৰে৷ কাণ্ডজ্ঞানহীন ব্যৱসায়ীৰ শিলাবর্ষণত পৌৰ নিগমৰ অভিযানকাৰী দলটো কোনোমতে ৰক্ষা পৰে যদিও জি এম চিৰ এজন নিৰাপত্তাৰক্ষী আহত হয়৷ এই লৈ আজি সন্ধিয়া ডাউন টাউনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পাছত দিছপুৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ তদুপৰি ঘটনাত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে দুজন ব্যৱসায়ীক আটক কৰে৷

উল্লেখ্য যে একাংশ ব্যৱসায়ীয়ে নিশা আঠ বজালৈ দোকান–পোহাৰ খোলা ৰাখিব বিচৰাক লৈ ব্যৱসায়ীসকলক জি এম চিৰ বিষয়াসকলে বাধা আৰোপ কৰাক লৈ এনে অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ আনহাতে, কালি নিশা মহানগৰীৰ জালুকবাৰীতো আন এক অনুৰূপ ঘটনা সংঘটিত হয়৷ প্রাপ্ত খবৰ মতে, জালুকবাৰীৰ দানিচ হোটেলখনত ক’ভিড প্রট’কল উলংঘা কৰি ব্যৱসায় চলোৱাক লৈ নিশা হোটেলখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ একাংশ স্থানীয় ৰাইজে হোটেল ব্যৱসায়ীৰ এনে কার্যক বিৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ পাছত জালুকবাৰী আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷

You might also like