নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাকালত ফিছফেডৰ স্বাস্থ্যসন্মত মৎস্য বিপণন অভিযান

নিয়মীয়া বাৰ্তা ১ মেঃ ৰাজ্যত স্বাস্থ্যসন্মত মৎস্য বিপণনৰ অগ্রণী বার্তাবাহক ফিছফেডে ক’ভিড–১৯ সংক্রমণৰ বিৰুদ্ধে আৰোপিত সকলো নীতি–নির্দেশনা মানি সম্পূর্ণ স্বাস্থ্যসন্মতভাৱে ৰূপনগৰস্থিত শীত–তাপ নিয়ন্ত্রিত স্থায়ী বিপণী তথা সংলগ্ণ জীৱিত মৎস্য বিপণী আৰু বিভিন্ন ভ্রাম্যমাণ বিক্রয় কেন্দ্রৰ জৰিয়তে ন্যায্য মূল্যত মৎস্য বিপণন অব্যাহত ৰাখিছে৷ ফিছফেডৰ এই প্রয়াসত সহযোগিতাৰ পথিক হিচাপে জনপ্রিয় তাৰকা যতীন বৰাই অলপতে ৰূপনগৰস্থিত বিপণী পৰিদর্শন কৰি ফিছফেডৰ বিষয়া–কর্মচাৰীক উৎসাহিত কৰাৰ লগতে ক’ভিড–১৯ৰ বিৰুদ্ধে সজাগতামূলক প্রচাৰ পত্র সংলগ্ণ কৰে৷

ইচ্ছুকসকলে ফিছফেদৰ ৱেবছাইটৰ জৰিয়তেও মৎস্য ক্রয় কৰিব পাৰে৷ তদুপৰি ৯৭০৬০–৭৫৯৪৮, ৯৮৬৪৩–৫৫৫০১নং সংগভাষ সেৱাৰ জৰিয়তেও সুবিধা ল’ব পাৰে৷ উল্লেখ্য যে ফিছফেডে মালিগাঁও, বেলতলা ছার্ভে দিছপুৰ, চানমাৰি আদি অঞ্চলত ভ্রাম্যমাণ বিক্রী কেন্দ্রৰ জৰিয়তে দৈনিক মৎস্য বিক্রী কৰি আহিছে৷ ক’ভিড–১৯ সংক্রমণৰ বিৰুদ্ধে স্বাস্থ্যসন্মত মৎস্য বিপণন সুনিশ্চিত কৰিবলৈ ফিছফেডে ৰূপনগৰৰ শীত–তাপ নিয়ন্ত্রিত বিপণী আৰু সংলগ্ণ জীৱিত মৎস্য বিপণীৰ লগতে ভ্রাম্যমাণ বিক্রী কেন্দ্রসমূহ সঘনে বীজাণুনাশক প্রয়োগ কৰি বীজাণুমুক্ত কৰাৰ ব্যৱস্থা হাতত লৈছে৷

You might also like