নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ ৪ সমষ্টিত ক’ভিড প্রট’কলৰ ওপৰত গুৰুত্ব

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ আগন্তুক বিধানসভা নির্বাচনত কামৰূপ মহানগৰ জিলাত ক’ভিড–১৯ৰ বাবে স্বাস্থ্য বিভাগে ল’ব লগা ব্যৱস্থাসমূহৰ বিষয়ে আজি এক পর্যালোচনা বৈঠক অনুষ্ঠিত হয়৷ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ অধ্যক্ষতাত উপায়ুক্ত কার্যালয়ৰ অধিৱেশন কক্ষত অনুষ্ঠিত বৈঠকত জিলা প্রশাসন, গুৱাহাটী পৌৰ নিগম আৰু স্বাস্থ্য বিভাগৰ প্রতিনিধি উপস্থিত থাকে৷ বৈঠকখনত নির্বাচনী বিষয়াসকলক ক’ভিড প্রতিষেধক লোৱাৰ প্রয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে বিভিন্ন ব্যৱস্থা গ্রহণৰ সিদ্ধান্ত লোৱা হয়৷ নির্বাচনী বিষয়াসকলক ক’ভিড–১৯ৰ বাবে ল’ব লগা প্রয়োজনীয় সাৱধানতা আৰু টীকাকৰণৰ বিষয়ে প্রশিক্ষণ দিয়া, প্রশিক্ষণ কেন্দ্র আৰু ভোটগ্রহণ কেন্দ্রত জৈৱ চিকিৎসা বর্জিত সামগ্রী নিষ্কাশনৰ ব্যৱস্থা কৰা আৰু সকলো প্রশিক্ষণ কেন্দ্র আৰু ভোটগ্রহণ কেন্দ্রত ১ শতাংশ ছ’ডিয়াম হাইপক্ল’ৰাইডযুক্ত মিশ্রনেৰে ছেনিটাইজ কৰাৰ বিষয়ে সিদ্ধান্ত লোৱা হয়৷ বৈঠকখনত পৌৰ নিগমৰ সহকাৰী আয়ুক্ত পুলক মহন্ত, জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া ডৰথী ছুচিয়াং, অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) শর্মিষ্ঠা বৰা, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ গণেশ শইকীয়া, কামৰূপ (ম)ৰ সকলো খণ্ড উন্নয়ন বিষয়া, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া, স্বেচ্ছাসেৱী সংগঠনৰ প্রতিনিধি আৰু জিলা আৰু খণ্ড পর্যায়ৰ ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ বিষয়াসকল উপস্থিত থাকে৷ ৬ এপ্রিলত জিলাখনৰ ৪টা সমষ্টিৰ বাবে ১,৭০৭টা ভোটগ্রহণ কেন্দ্রত নির্বাচন অনুষ্ঠিত হ’ব৷

You might also like