নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাহিলিপাৰাত দুখন ব্যৱসায়িক প্রতিষ্ঠানৰ ৯২ লাখ লুট

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ মহানগৰবাসীক নিৰাপত্তা প্রদানত চূড়ান্ত ব্যর্থ হৈছে মহানগৰীৰ স্মার্ট আৰক্ষী৷ মহানগৰীৰ প্রান্তে প্রান্তে এটাৰ পাছত আনটো অপৰাধজনিত ঘটনা সংঘটিত হোৱাৰ পিছতো নিতৌ সংঘটিত হোৱা এনে অপৰাধজনিত ঘটনা ৰোধ কৰিবলৈ সক্ষম হোৱা নাই মহানগৰ আৰক্ষী৷ কালি ফটাশিল আমবাৰীত এগৰাকী মহিলাৰ পৰা দুর্বৃত্তই পাঁচ লাখ টকা লুট কৰাৰ পিছত মঙলবাৰে নিশা কাহিলিপাৰাৰ দশম অসম আৰক্ষী বাহিনীৰ কার্যালয়ৰ সন্মুখৰ দুখন ব্যৱসায়িক প্রতিষ্ঠানত এক চুৰিকাণ্ড সংঘটিত হয়৷ নিশা আন্ধাৰৰ সুযোগ লৈ দুর্বৃত্তই কাহিলিপাৰাৰ দশম অসম আৰক্ষী বাহিনীৰ কার্যালয়ৰ সন্মুখত থকা এখন ফার্মাচীৰ চিলিং কাটি দুর্বৃত্তই ফার্মাচীখনৰ কেছ বাকচৰ পৰা ৬২ হাজাৰ টকা লুট কৰাৰ লগতে লণ্ডভণ্ড কৰে৷ তদুপৰি ফার্মাচীখনৰ কাষত থকা ‘ৱেষ্ট এণ্ড বজাৰ’ নামৰ এখন দোকানৰ টিনপাট কাটি দুর্বৃত্তই কেছ বাকচত থকা ৩০ হাজাৰ টকা লুট কৰি উধাও হয়৷ ঘটনা সন্দর্ভত ভুক্তভোগী ব্যৱসায়ী ক্রমে আদিত্য বসুমতাৰী আৰু যদুমণি হাজৰিকাই ভগদত্তপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে দিছপুৰ থানাৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে ফার্মাচীখনৰ চিচি টিভি কেমেৰাত বন্দী হোৱা ফুটেজ সংগ্রহ কৰি তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈ চোৰৰ সন্ধান উলিয়াব পৰা নাই৷

You might also like