নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অজিতৰ নেতৃত্বত গুৱাহাটীত চোৰাং তেলৰ বেহা

নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ গুৱাহাটী মহানগৰীত দীর্ঘদিন ধৰি এটা অসাধু চক্রই চোৰাং তেলৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে৷ এই চক্রটোৰ বিৰুদ্ধে কালি সন্ধিয়া প্রায় ৮ বজাৰ পৰা মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই বিজি য়ার্ডৰ তিনিটা আৰু মঠঘৰীয়াৰ এটা স্থানত অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং ডিজেলসহ চাৰিজন লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত তেল চোৰকেইটা ক্রমে বৰপেটাৰ বুলবুল ভূঞা আৰু মমিনুল হক, ডিব্রুগডৰ ভৱেশ গগৈ, শিলচৰৰ শিৱনাথ নুনীয়া৷ অভিযানকাৰী দলটোৱে চোৰাং তেল ব্যৱসায়ী চক্রটোৰ পৰা ১৩৫০ লিটাৰ ডিজেল জব্দ কৰিবলৈ সক্ষম হয়৷ এই চক্রটোৱে নুনমাটি থানাৰ একাংশ অসাধু আৰক্ষী আৰু গুৱাহাটী শোধনাগাৰৰ একাংশ বিষয়াক মেনেজ কৰি দীর্ঘদিন ধৰি চোৰাং তেলৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷

এক গোপন সূত্রৰ তথ্যৰ ভিত্তিত মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই নুনমাটি আৰক্ষীৰ সহযোগত নুনমাটিস্থিত ছেক্টৰ–৩ৰ গুৱাহাটী শোধনাগাৰৰ পার্কিং স্থানত অভিযান চলাই এন এল–০২ জি–৯৬২৮ নম্বৰৰ অইল ড্রেংকাৰৰ পৰা তেল চুৰি কৰি থকা অৱস্থাত চাৰিজন যুৱকক গ্রেপ্তাৰ কৰে৷ ধৃত যুৱককেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বিজি য়ার্ড, বিজি তিনিআলি, ২নং মঠঘৰীয়া আৰু ১নং মঠঘৰীয়াত অভিযান চলাই তেলভর্তি ১২টাকৈ ড্রাম জব্দ কৰে৷ জব্দকৃত অইল ড্রেংকাৰ আৰু ড্রামসহ চাৰি তেলচোৰক অপৰাধ শাখাই নুনমাটি আৰক্ষীক গতাই দিয়ে৷ উল্লেখ্য যে আৰক্ষী অহাৰ উমান পাই পলায়ন কৰে এই চক্রটোৰ কেইবাজনো সদস্যই৷ ঘটনা সন্দর্ভত নুনমাটি আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে৷

ইপিনে নুনমাটি আৰক্ষীৰ নাকৰ তলতেই অপৰাধ শাখাই অভিযান চলাই তেলচোৰৰ ঘাটি উচ্ছেদ কৰা ঘটনাত সমগ্র ঘটনা প্রবাহ ৰহস্যৰ আৱর্তত সোমাই পৰিছে৷ উল্লেখ্য যে কিছুমাহ পূর্বে অপৰাধ শাখাই মঠঘৰীয়াৰ অজিত মজুমদাৰ নামৰ এজন লোকৰ ঘৰত অভিযান চলাইবুজন পৰিমাণৰ চোৰাং তেলসহ বিলাতী সুৰা জব্দ কৰিছিল৷ দীর্ঘদিন ধৰি বিজি য়ার্ড আৰু মঠঘৰীয়াত অজিত মজুমদাৰ, ৰবীন বড়োৰ নেতৃত্বত এটা শক্তিশালী তেল চুৰি চক্রই চোৰাং তেলৰ বেহা চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ নুনমাটি আৰক্ষীয়ে এই তেলচুৰি চক্রটোৰ বিৰুদ্ধে সঠিক দিশত তদন্ত আগবঢ়ালে চক্রটোৰ লগত জড়িত বহুকেইটা ৰৌ–বৰালি জালত পৰিব৷ ইফালে, তেল চুৰিৰ ঘটনা সন্দর্ভত নুনমাটি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ অধীনত ৩৭৯/২৮৫/৩৪ ধাৰাত আৰু ৬১০/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি অভিযুক্ত তেল চোৰকেইটাক জে’ল–হাজোতলৈ প্রেৰণ কৰে৷

You might also like