নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ অলিয়ে–গলিয়ে অপৰাধীৰ টিঘিলঘিলনি

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটী মহানগৰীতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে চুৰি–ডকাইতি, হত্যা, লুণ্ঠনকে ধৰি বিভিন্ন অপৰাধজনিত ঘটনা৷ মহানগৰ আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ বেহু ভাঙি অপৰাধী চক্রই প্রতিদিনেই সংঘটিত কৰিছে এটাৰ পাছত আনটো অপৰাধমূলক ঘটনা৷ বিগত বর্ষত গুৱাহাটী মহানগৰীত সংঘটিত কেইবাটাও লোমহর্ষক হত্যাকাণ্ডই মহানগৰ আৰক্ষীৰ ভিতৰচ’ৰাত তীব্র জোকাৰণিৰ সৃষ্টি কৰিছিল৷ অপৰাধমুক্ত অসম গঢ়াৰ বাবে চৰকাৰে আৰক্ষীক কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশনা জাৰি কৰিছে৷ চৰকাৰৰ নির্দেশনা অনুসৰি আৰক্ষীয়ে অপৰাধ নিয়ন্ত্রণৰ বাবে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ লগতে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ কিন্তু মহানগৰ আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজতে মহানগৰীৰ বিভিন্ন স্থানত অপৰাধী চক্রই বিভিন্ন অপৰাধমূলক কার্য সংঘটিত কৰি আহিছে৷ মহানগৰীৰ কাহিলিপাৰা, ফটাশিল আমবাৰী, গড়চুক, বৰাগাঁও, সাতগাঁও, ছয়মাইল আদিকে ধৰি বিভিন্ন স্থানত দিনে–নিশাই অপৰাধী চক্রই চুৰি–ডকাইতিকে ধৰি বিভিন্ন অপৰাধমূলক কার্যকলাপ সংঘটিত কৰি আহিছে৷ নামবি’ নামৰ সংস্থাটোৱে প্রকাশ কৰা তথ্য অনুসৰি গুৱাহাটী মহানগৰীত বিগত তিনিটা বর্ষত অপৰাধমূলক কার্যকলাপৰ সংখ্যা ৬১.৬১ শতাংশ বৃদ্ধি পাইছে৷ তথ্য অনুসৰি গুৱাহাটী মহানগৰীত ৫০.৩১ শতাংশ চুৰি–ডকাইতিৰ ঘটনা, ৪২.৮৩ শতাংশ গাড়ী চুৰিৰ ঘটনা, ৩১.৫৫ শতাংশ লোক অচিনাক্ত দুর্বৃত্তৰ আক্রমণৰ বলি হৈছে৷ ইয়াৰ উপৰি মহানগৰীত শ্লীলতাহানিৰ ঘটনা সংঘটিত হৈছে ৩৫.৩৪ শতাংশ৷ মহানগৰ আৰক্ষীৰ ধাৰাবাহিক ড্রাগছবিৰোধী অভিযানৰ পিছতো ৪৪.৩৫ শতাংশ ড্রাগছ সৰবৰাহৰ ঘটনা সংঘটিত হৈছে৷ চৰকাৰৰ দুর্নীতিবিৰোধী কঠোৰ স্থিতিৰ পাছতো গুৱাহাটী মহানগৰীত উৎকোচজনিত সমস্যাৰ সংখ্যা অতি উদ্বেগজনকভাৱে ৭৫.৭৮ শতাংশলৈ বৃদ্ধি পাইছে৷ গুৱাহাটী মহানগৰীত চুৰি–ডকাইতিকে ধৰি বিভিন্ন অপৰাধজনিত ঘটনা ৰোধ কৰাৰ বাবে মহানগৰ আৰক্ষীয়ে কি পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like