নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুনমাটিত ম’ৰেল পুলিচৰ প্রহাৰত আহত লোকৰ চিকিৎসালয়ত মৃত্যু

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ মহানগৰীৰ নুনমাটি থানাৰ অন্তর্গত পূব ত্রিনয়নপুৰত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে৷ পাৰিবাৰিক সংঘাতক কেন্দ্র কৰি একাংশ লোকে ত্রিনয়নপুৰৰ বাসিন্দা ৰাজু দাস (৩৫)ক প্রহাৰ কৰাত গুৰুতৰভাৱে আহত হয়৷ আহত লোকজন চিকিৎসাধীন অৱস্থাতেই হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে৷ আৰক্ষী সূত্রই জনোৱা মতে যোৱা ৬ জানুৱাৰীত ৰাজু দাসে পত্নীৰ সৈতে কাজিয়াত লিপ্ত হয়৷ পাছত স্বামীৰ বিৰুদ্ধে দাসৰ পত্নীয়ে স্থানীয় উন্নয়ন সমিতিৰ কাষ চপাত উন্নয়ন সমিতিৰ একাংশ বিষয়ববীয়াই দাসৰ ঘৰত প্রৱেশ কৰি তেওঁক প্রহাৰ কৰে৷ ইয়াতেই ক্ষান্ত নাথাকি দাসক ঘৰৰ পৰা উলিয়াই চোঁচৰাই আনি ৰাজপথত প্রহাৰ কৰে৷ উত্তেজিত ৰাইজৰ প্রহাৰত গুৰুতৰভাৱে আহত হোৱা দাসক আৰক্ষীয়ে উদ্ধাৰ কৰি সংকটজনক অৱস্থাত জিএমচিএইচত ভর্তি কৰে৷

সুদীর্ঘ ১৩ দিন জিএমচিএইচৰ বিছনাত চিকিৎসাধীন দাসে কালি শেষ নিশ্বাস ত্যাগ কৰে৷ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালৰ লোকক গতাই দিয়াৰ লগতে ঘটনা সন্দর্ভত নুনমাটি থানাত ৰুজু হোৱা ৫৪/২০ নম্বৰৰ গোচৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে৷ ইপিনে, দাসক আক্রমণ কৰা অঞ্চলটোৰ কেইবাজনো অভিযুক্ত সম্প্রতি পলাতক হৈ আছে৷ এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক অঞ্চলবাসীয়ে দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী তুলিছে৷

You might also like