নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকৌ বিবাহত বহিব কৰিশ্মা কাপুৰ, ৰণবীৰ-আলিয়াৰ বিয়াতে দিলে ইংগিত

বিশেষ বাৰ্তা, ২২ এপ্ৰিলঃ কাপুৰ পৰিয়ালৰ এখন বিয়া বৰ ৰাজকীয়ভাৱে সম্পন্ন হ’লহে। পৰিয়ালত আৰু এখন বিয়া হ’বলৈ গৈ আছে নেকি? ৰণবীৰ কাপুৰ আলিয়া ভাট্টৰ বিয়াৰ পাছত এইবাৰ কৰিশ্মা কাপুৰে দ্বিতীয় বিবাহত বহিব ওলাইছে নেকি? ৰণবীৰ-আলিয়াৰ বিয়াৰ কিছুমান মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰি তাৰেই ইংগিত দিছে অভিনেত্ৰীগৰাকীয়ে। কৰিশ্মাই ‘ভাই কী ছাদি’ বুলি ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰিছে। তাৰেই এখন ফটোত দেখা গৈছে কইনা আলিয়াৰ ‘কলিৰা’ সৰি পৰিছে কৰিশ্মাৰ তাত। সেয়া পাই খুবেই উতসাহী অভিনেত্ৰীগৰাকী। তেওঁ নিজেই লিখিছে- যিহেতু ‘কলিৰা’ মোৰ তাত পৰিছে গতিকে মই আৰু অলপ বেছি উতসাহী হ’ব নোৱাৰোনে! সাধাৰণতে কইনাই জোকাৰি দিয়া হাতৰ ‘কলিৰা’ যাৰ তাত পৰে সেইজনীৰে আগন্তুক বিয়াখন হয় বুলি মনা হয়। প্ৰবাদ মতে আৰু কৰিশ্মাৰ উতসাহ দেখি সেয়ে অনুৰাগীয়ে ধাৰণা কৰিছে যে হয়তো এইবাৰ বিবাহত বহিব কাপুৰ পৰিয়ালৰ এইগৰাকী জীয়ৰী। এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী কৰিশ্মাই ২০০৩ চনত সঞ্জয় কাপুৰৰ সৈতে বিবাহত বহিছিল। এইখন বিয়া ২০১৬ চনত ভাঙিছিল।

You might also like