নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষষ্ঠীৰ বেদীত দেৱীক প্রতিষ্ঠাৰ মহা আয়োজন

নিয়মীয়া বাৰ্তা ১১ অক্টোবৰঃ আজি মহাষষ্ঠী৷ সমগ্র ৰাজ্যৰ লগতে দেৱী বন্দনাৰে মুখৰিত হ’ব গুৱাহাটী৷ ষষ্ঠীৰ বেদীত দেৱীক প্রতিষ্ঠাৰ মহা আয়োজন কৰা পৰিলক্ষিত হৈছে৷ ক’ৰোনা মহামাৰীৰ সংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি প্রশাসনৰ নির্দেশনা অনুসৰি আয়োজক সমিতিসমূহে জাকজমকতাৰ বিপৰীতে কেৱল ধর্মীয় পৰম্পৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শাৰদীয় দুর্গোৎসৱ পালনৰ বাবে সম্পূর্ণ সাজু হৈছে৷ মহানগৰীৰ বিভিন্ন স্থানত পূজা মণ্ডপসমূহ ইতিমধ্যে সজাই–পৰাই তোলা হৈছে যদিও পূর্বৰ তুলনাত পূজা মণ্ডপসমূহ আলোকিত কৰি তোলাত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই৷

ভৰলুমুখৰ শান্তিপুৰ, শ্লুইচগেট দুর্গাপূজাত এইবেলি নাথাকিব কোনো বিশেষ আকর্ষণ৷ সীমিত বাজেটেৰে পূজা সমিতিয়ে এইবাৰ কেৱল ধর্মীয় পৰম্পৰা ৰক্ষা কৰি পূজাৰ আয়োজন কৰিছে৷ ৰং–বিৰঙী লাইটেৰে আটকধুনীয়াকৈ পূজা মণ্ডপ সজাই তোলাৰ বিপৰীতে এইবাৰ মাত্র দুই লাখ টকা ব্যয়সাপেক্ষে পূজা সমিতিয়ে পূজাৰ আয়োজন কৰি পূজাৰ সময়ছোৱাত সকলো লোকক ক’ভিড বিধি মানি পূজা মণ্ডপত প্রৱেশ কৰিবলৈ আহ্বান জনাইছে৷ একেদৰে, ছয়মাইলৰ লক্ষ্মী মন্দিৰ পূজা সমিতিয়েও এইবাৰ অনুষ্টুপীয়াকৈ আয়োজন কৰিছে দুর্গোৎসৱ৷ কেৱল ধর্মীয় পৰম্পৰা ৰক্ষাৰ প্রতি লক্ষ্য ৰাখি পূজা মণ্ডপত যাতে অগণন লোকে ভিৰ নকৰে, তাৰ বাবে এইবেলি পূজা সমিতিয়ে মণ্ডপত দেৱীৰ মূর্তি নোহোৱাকৈ পূজাৰ প্রস্তুতি সম্পূর্ণ কৰিছে৷ অৱশ্যে যোৱা বছৰো লক্ষ্মী মন্দিৰ পূজা সমিতিয়ে ক’ৰোনাৰ সংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি দেৱীৰ মূর্তি নোহোৱাকৈ অনুষ্টুপীয়াকৈ পূজা উদ্যাপন কৰিছিল৷

ইপিনে, ১০৭সংখ্যক লাখটকীয়াৰ সনাতন ধর্মসভাৰ পূজাত ক’ভিড বিধিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে৷ মাস্ক পৰিধান নকৰা আৰু ভেকচিন নোলোৱা লোকসকলক পূজা মণ্ডপত প্রৱেশ নিষিদ্ধ কৰিছে সনাতন ধর্মসভা পূজা সমিতিয়ে৷ তদুপৰি, নির্দিষ্ট দূৰত্বৰ পৰাই সেৱা জনাবলৈ ধর্মপ্রাণ লোক তথা ভক্তসকলক আয়োজক সমিতিয়ে আহ্বান জনাইছে৷ একেদৰে, ১১১ বছৰ গৰকা পাণ্ডু কলনী পূজাত আয়োজক সমিতিয়ে পূজাৰ সময়ছোৱাত ভক্তসকলৰ মাস্ক পৰিধান আৰু ক’ভিড প্রতিষেধক লোৱা বাধ্যতামূলক কৰাৰ লগতে এইবেলি ভোগৰ অনুষ্ঠান বাতিল কৰিছে৷ ১৩২সংখ্যক উজানবজাৰ বাৰোৱাৰী পূজাতো আয়োজক সমিতিয়ে অনুষ্টুপীয়াকৈ পূজাৰ আয়োজন কৰি ধর্মীয় ৰীতি–নীতি ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷

You might also like