নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰত নিশা পিষ্টল দেখুৱাই পেট্ৰল ডিপ’ত ধন লুটাৰ চেষ্টা

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত দুৰ্গাপূজাৰ প্ৰাকমুহূৰ্তত যোৱা নিশা এক অঘটন। নাৰায়ণপুৰৰ ভাৰত পেট্ৰলিয়ামৰ ( Joo-Rii Filling Station) ডিপ’ ত যোৱা নিশা অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে পিষ্টল দেখুৱাই ডকাইটিৰ চেষ্টা কৰে।

ঘটনাৰ বিৱৰণ অনুসৰি নিশা প্ৰায় ১০.১৫ বজাত সান্ধ্য আইনৰ সুযোগ লৈ মুখত কাপোৰ বান্ধি দুজন অচিনাক্ত দুৰ্বৃত্তই ডিপ’টোত থকা কৰ্মচাৰী তিনিজনৰ পৰা ধমক দি ধন লুটাৰ চেষ্টা কৰে। তেনেতে তাৰে মাজৰ ডিপ’ৰ এজন কৰ্মচাৰী কোনোমতে পলাই চিঞৰ বাখৰ লগোৱাত ওচৰৰ লোক ওলাই অহাত ডকাইত দুটা পলাই সাৰে। কিছু সময়ৰ পিছত ঘটনাস্থলীত নাৰায়ণপুৰ আৰক্ষী উপস্থিত হৈ ডিপ’ট থকা চি চি টিভি কেমেৰাৰ দৃশ্য পৰীক্ষা কৰাত সমগ্ৰ দৃশ্য ধৰা পৰে।

দৃশ্যত দেখা অনুসৰি এজন দুৰ্বৃত্তৰ এটা ভৰি সম্ভৱত আঘাতপ্ৰাপ্ত, যাৰ বাবে তেওঁ দুপিয়াই যোৱা পৰিলক্ষিত হয়। ঘটনা সন্দৰ্ভত ইতিমধ্যে নাৰায়ণপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে দুৰ্গাপূজাৰ প্ৰাকমুহূৰ্তত নাৰায়ণপুৰ নগৰত সংঘটিত হোৱা এনে ঘটনাৰ বাবে সংকিত হৈ পৰিছে নাৰায়ণপুৰবাসী।।

Input: চন্দন শইকীয়া, ভোগপুৰ

You might also like