নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ হোটেলত যুৱতীৰ সৈতে নৈশ যাপন কৰিবলৈ অহা যুৱকৰ ৰহস্যজনক মৃত্যু

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ গুৱাহাটী মহানগৰীৰ হোটেলত ঘটিছে যুৱকৰ ৰহস্যজনক মৃত্যু। শিজুবাৰী হোটেল ৰাজপেলেচৰ কোঠাত উদ্ধাৰ হৈছে যুৱকৰ মৃতদেহ। উদ্ধাৰ হৈছে ধ্ৰুৱজ্যোতি ডেকা নামৰ যুৱকজনক মৃতদেহ।

জানিব পৰা গৈছে যে ৩ বন্ধুৰে পাৰ্টী কৰিবলৈ ল’জলৈ আহিছিল মৃত যুৱকজন। প্ৰথমে বাৰত পাৰ্টী চলিছিল আৰু এই পাৰ্টীত ৩ গৰাকী যুৱতীও উপস্থিত আছিল। তাৰপাছত আজি পুৱা ধ্ৰুৱজ্যোতি ডেকা নামৰ যুৱকজনক মৃতদেহ উদ্ধাৰ কৰা হয়।

ইপিনে যিগৰাকী যুৱতী মৃত ধ্ৰুৱজ্যোতি ডেকাৰ সৈতে আছিল তেওঁ ইতিমধ্যে পলায়ন কৰিছে। এই সমগ্ৰ ঘটনাত হোটেলৰ স্বতাধীকাৰীৰ ভূমিকাও যথেষ্ট সন্দেহজনক। কাৰণ কোনো বৈধ নথি পত্ৰ অবিহনে হোটেলত নৈশ যাপনৰ অভিযোগ পূৰ্বৰ পৰা আছিল হোটেলখনৰ বিৰুদ্ধে।

বৰ্তমান এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে এই ৰাজপেলেচ হোটেলখন মুকলি হোৱা মাত্ৰ ৬ দিনহে হৈছিল। লগতে হোটেলখনৰ এতিয়ালৈকে নাম পঞ্জিয়ন আৰু ৰেজিষ্টেচন হোৱা নাই।

You might also like