নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপোনাৰো চুলি সৰে নেকি?

আপোনাৰো চুলি সৰে নেকি? যদি সৰে আপোনাৰ বাবে এনে এক প্রাকৃতিক উপায় আছে যি উপায়ে আপোনালোকক পৰিত্রাণ দিব৷ সকলোৱে ধুনীয়া চুলি বিচাৰে, কিন্তু পৰিৱর্তনশীল জীৱনশৈলী আৰু দুর্বল আহাৰৰ বাবে বেছিভাগ লোকৰে মূৰৰ চুলি সৰিবলৈ আৰম্ভ কৰে৷

আজিকালি দেখা যায় যে পুৰুষৰ মূৰৰ চুলিও কম বয়সতে সৰিবলৈ আৰম্ভ কৰে৷ সকলোৱে জানে যে চুলি সৰাৰ আঁৰত বহুতো কাৰণ থাকিব পাৰে৷ খাদ্যাভ্যাস, বেয়া পানী, চাপ আৰু বয়স বৃদ্ধিৰ বাবে চুলি সৰে৷ এনে পৰিস্থিতিত আপুনি প্রথমে আপোনাৰ জীৱনশৈলী সলনি কৰিব লাগিব আৰু খাদ্যৰ প্রতি বিশেষ মনোযোগ দিব লাগিব৷
সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰাৰ পাছতো, যদি চুলি সৰাৰ সৈতে উফিৰ সমস্যাটো শেষ নহয়, তেনেহ’লে আপোনাৰ বাবে এটা স্বাভাৱিক উপায় আছে, যি আপোনাক এই সমস্যাৰ পৰা পৰিত্রাণ দিব৷ চুলি সৰা আৰু উফিৰ সমস্যাৰ পৰা পৰিত্রাণ পাবলৈ প্রাকৃতিক উপায় কি জানো আহক৷
প্রাকৃতিকভাৱে আপুনি চুলিৰ উফিৰ পৰা পৰিত্রাণ পাব পাৰে৷ বীয়েৰৰ সৈতে কণী ব্যৱহাৰ কৰিলে চুলি ডাঠ, ৰেচমী আৰু ধুনীয়া হ’ব পাৰে৷ কণীৰ সৈতে বীয়েৰ ব্যৱহাৰ কৰিলে চুলিৰ উফিৰ সমস্যাও উপশম হয়৷

You might also like